ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত 'ছাত্ৰ কণ্ঠ'

author img

By

Published : Dec 18, 2019, 9:57 PM IST

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত 'ছাত্ৰ কণ্ঠ' শীৰ্ষক কাৰ্যসূচী ৷ বজ্ৰকণ্ঠে ছাত্ৰ সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷

কা' বিৰোধী প্ৰতিবাদ
কা' বিৰোধী প্ৰতিবাদ

গুৱাহাটী,18 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় খেলপথাৰত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় 'ছাত্ৰ কণ্ঠ' শীৰ্ষক কাৰ্যসূচী ৷

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত 'ছাত্ৰ কণ্ঠ'
বজ্ৰকণ্ঠে ছাত্ৰ সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱী ডঃ হিৰেণ গোঁহাই,অদীপ কুমাৰ ফুকন,বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত,হাইদৰ হুছেইন,অজিত কুমাৰ ভূঞা,শিক্ষাবিদ উদয়াদিত্য ভৰালী,আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তিৰ লগতে কটন বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৷ গীত-নৃত্য,নাট,কবিতাৰে চৰকাৰক চৰম সকিয়নী ছাত্ৰ সমাজৰ ৷

লগতে পঢ়ক: বাতিল কৰা হৈছে ৰে'ল সেৱা

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় খেলপথাৰত বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় 'ছাত্ৰ কণ্ঠ' শীৰ্ষক কাৰ্যসূচী। বজ্ৰ কণ্ঠে ছাত্ৰসমাজে ক'লে কা' নামানো আৰু আন্দোলনক সাম্প্ৰদায়িক ৰং নিদিব। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱি ড০ হিৰেণ গোহাঁই, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকন, শিক্ষাবিদ উদয়াদিত্য ভৰালী, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তিৰ লগতে কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ উপস্থিত থাকে। গীত-নৃত্য, নাট, কবিতাৰে চৰকাৰক চৰম সকিয়নী ছাত্ৰসমাজৰ। দমনেৰে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰা চৰকাৰৰ নীতিক কঠোৰ সমালোচনা চিন্তাবিদ তথা বিশিষ্ট বুদ্ধিজীৱি ড০ হিৰেণ গোহাঁইৰ। কৃষক নেতা অখিল গগৈসহ আন প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আন্দোলন মষিমূৰ কৰাৰ চেষ্টা চলাইছে। সকলোকে ঐক্যবদ্ধ হৈ গণতান্ত্ৰিক আন্দোলন চলাই যাবলৈ আহ্বান জনাই বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে। ইফালে আইনী যুঁজৰ সমান্তৰালকৈ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী চলাই নিয়াৰ কথা উল্লেখ কৰে সাংবাদিক মনজিৎ মহন্তই। আন্দোলনক বিপথে পৰিচালিত কৰাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে শাসক পক্ষই। এনে কৰাৰ পৰা শাসক পক্ষক বিৰত থাকিবলৈ সকিয়াই দিয়ে ছাত্ৰসমাজে। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.