ETV Bharat / state

Blood Bank Fraud in GMCH : জি এম চি এইচত তেজৰ দালালি কৰি জালত পৰিল লেবৰেটৰী টেকনিচিয়ান - Bhangagarh Police Station

এইবাৰ তেজৰ দালালি কৰি আৰক্ষীৰ জালত পৰিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লেবৰেটৰী টেকনিচিয়ান ৷ ৰোগীৰ আত্মীয়ৰ পৰা ৩ ইউনিট তেজৰ বিনিময়ত ১১ হাজাৰ টকা বিচাৰি ধৰা পৰিল তেজৰ দালালটো (Blood Bank Fraud in GMCH)৷

Blood Bank Fraud in GMCH
জি এম চি এইচত তেজৰ দালালি
author img

By

Published : Jan 14, 2023, 10:13 PM IST

গুৱাহাটী, ১৪ জানুৱাৰী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰায়ে সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ অবাঞ্ছিত ঘটনা । এইবাৰ ৰক্তৰ বেপাৰ কৰি আৰক্ষীৰ জালত পৰিল এজন টেকনিচিয়ান (GMCH Technician arrested)। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ(Gauhati Medical College and Hospital ) ব্লাড বেংকত বহি প্ৰসন্ন বৈশ্য নামৰ লেবৰেটৰি টেকনিচিয়ানজনে চলাই গৈছিল তেজৰ বেপাৰ ৷

লেবৰেটৰি টেকনিচিয়ান প্ৰসন্ন বৈশ্যই দালালৰ সৈতে মিলি তেজৰ বেপাৰ চলাই আহিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ বৃহস্পতিবাৰে এগৰাকী ৰোগীক তেজৰ প্ৰয়োজন হোৱাত পোহৰলৈ আহে এই ঘটনা ৷ প্ৰয়োজন অনুসৰি ব্লাড বেংকত তেজ বিচাৰি যাওতেই ৰোগীৰ আত্মীয়ই লগ পাইছিল দালাল মিটু বৰ্মনক (Blood bank fraud in GMCH)৷

ব্লাড বেংকত তেজ নোপোৱাত ৰোগীৰ আত্মীয়ক তেজৰ ব্যৱস্থা কৰি দিম বুলি কৈছিল নুনমাটিৰ মিটু বৰ্মন নামৰ দালালটোৱে ৷ ইয়াৰ পিচতে মিটু বৰ্মনে ৩ ইউনিট তেজৰ বিনিময়ত ১১ হাজাৰ বিচাৰিছিল ৰোগীৰ আত্মীয়ৰ পৰা আৰু সেই অনুসৰিয়েই দালালটোক টকা দিয়াৰ পিচতেই ব্লাড বেংকত তেজ পাইছিল ৰোগীৰ আত্মীয়ই ৷

পিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰচ'ৰাত চলা কাণ্ড পোহৰলৈ অহাৰ পাচতেই ৰোগীৰ আত্মীয়ই এজাহাৰ দিয়ে ভঙাগড় আৰক্ষী থানাত (Bhangagarh Police Station)৷ উক্ত এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে প্ৰথমে গ্ৰেপ্তাৰ কৰা হয় মিটু বৰ্মন নামৰ দালালটোক ৷ তাৰ পিচত দালালটোৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা গ্ৰেপ্তাৰ কৰা হয় ব্লাড বেংকৰ লেবৰেটৰী টেকনিচিয়ান প্ৰসন্ন বৈশ্যক ৷

উল্লেখ্য যে, প্ৰসন্ন বৈশ্যই জি এম চি এইচত পুহি ৰাখিছিল মিটু বৰ্মন নামৰ তেজৰ দালালটোক ৷ এই দালালচক্ৰৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ যাৰ বাবে আৰক্ষীয়ে লেবৰেটৰী টেকনিচিয়ান প্ৰসন্ন বৈশ্যক(Blood Bank Fraud in GMCH) নিজৰ জিম্মাত বিচাৰি আদালতক অনুৰোধ জনাইছে ৷

উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তৰ বেপাৰ চলাৰ অভিযোগ নতুন নহয় যদিও এইবাৰ ধৰা পৰিল এজন টেকনিচিয়ান ৷ ইয়াৰ পূৰ্বেও ভুৱা চিকিৎসকৰ আবিৰ্ভাৱ হৈছিল জি এম চি চিকিৎসা মহাবিদ্যালয়খনত ৷

লগতে পঢ়ক: CBI raids Delhi Deputy CM office: দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আকৌ চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.