ETV Bharat / state

High Court on teachers pension: পাৰিতোষিকপ্রাপ্ত শিক্ষকে লাভ কৰিব জি পি এফকে ধৰি অৱসৰকালীন সুবিধা

author img

By

Published : Apr 2, 2023, 4:33 PM IST

অ'বি বি, ড্রপড শিক্ষক, অতিৰিক্ত শিক্ষক, অর্থমঞ্জুৰিপ্ৰাপ্ত শিক্ষক, ডিমা হাচাওৰ শিক্ষকে পাব এন পি এছ (NPS for teachers)। কিন্তু নাপাব জি পি এফ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় । বহুসংখ্যক পৃথক পৃথক লেখ আবেদনৰ শুনানি লৈ ন্যায়ালয়ৰ ছটা পর্যায়ৰ শিক্ষকৰ ক্ষেত্রত ৰায়দান ।

Gauhati High Courts direction on teachers pension
শিক্ষকসকলৰ পেঞ্চনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা

গুৱাহাটী, ২ এপ্রিল: ৰাজ্যৰ শিক্ষকসকলৰ পেঞ্চনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ নির্দেশনা (Gauhati High Courts direction on teachers pension)। বহুসংখ্যক পৃথক পৃথক লেখ আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে ৰাজ্যৰ ছটা পর্যায়ৰ শিক্ষকৰ ক্ষেত্রত ৰায় প্ৰদান কৰে । পাৰিতোষিকপ্রাপ্ত শিক্ষক, ড্রপড শিক্ষক, অ' বি বি শিক্ষক, অতিৰিক্ত শিক্ষক, তদর্থ মঞ্জুৰিপ্ৰাপ্ত শিক্ষক আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্তিপ্রাপ্ত শিক্ষকে পুৰণি নে, নতুন পেঞ্চন নীতিৰ আধাৰত পেঞ্চনকে ধৰি অন্যান্য সা-সুবিধা লাভ কৰিব সেই সন্দৰ্ভত ন্যায়ালয়ে প্ৰদান কৰে ৪০৯ পৃষ্ঠাৰ এক ৰায়দান ।

উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে প্ৰদান কৰা নির্দেশনা অনুসৰি ষ্টাইপেণ্ডপ্রাপ্ত শিক্ষকে অসম সেৱা (পেঞ্চন) বিধি, ১৯৬৯ ৰ অধীনত পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিব (The Assam Service Pension Rules 1969) । এইসকল শিক্ষক নতুন পেঞ্চন নীতিৰ আওতাত নপৰিব । তদুপৰি ষ্টাইপেণ্ডপ্রাপ্ত শিক্ষকসকলে জেনেৰেল প্রভিডেণ্ড ফাণ্ডকে (জি পি এফ) ধৰি ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ দৰে অন্যান্য পেঞ্চনৰ সুবিধা লাভ কৰিব । এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ে বিত্ত (বাজেট) বিভাগৰ সঞ্চালকে ২০১০ চনৰ ২৩ ফেব্ৰুৱাৰীত উপ-মহাগাণনিকলৈ প্ৰেৰণ কৰা এখন পত্র খাৰিজ কৰে । বিত্ত (বাজেট) বিভাগৰ সঞ্চালকে উপ-মহাগাণনিকলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰিছিল যে ষ্টাইপেণ্ডপ্রাপ্ত শিক্ষকসকলে জি পি এফত যোগদান কৰিব নোৱাৰিব । কিয়নো এইসকল শিক্ষক পুৰণিৰ পৰিৱৰ্তে নতুন পেঞ্চন নীতিৰ অধীনতহে অন্তৰ্ভুক্ত ।

পাৰিতোষিক ভিত্তিত ২০০৫ চনৰ ১ ফেব্ৰুৱাৰী বা তাৰ পূৰ্বেই নিযুক্তি লাভ কৰে যদিও ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পিচতহে টাইম স্কেলত দৰমহা পোৱাৰ অজুহাত লৈ শিক্ষকসকলক নতুন পেঞ্চন নীতিৰ আওতাত সুমুৱাই জি পি এফৰ পৰা বঞ্চিত কৰে বিত্ত বিভাগে । কিন্তু সমগ্ৰ বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰি বিত্ত বিভাগৰ পত্ৰ খাৰিজ কৰি ন্যায়ালয়ে ষ্টাইপেণ্ডপ্রাপ্ত শিক্ষকসকল পুৰণি পেঞ্চন নীতিৰ অধীনত অন্তর্ভুক্ত হোৱাৰ লগতে জি পি এফকে ধৰি অন্যান্য পেঞ্চনৰ সা-সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে ।

অন্যান্য পৰ্যায়ৰ শিক্ষকসকল সন্দৰ্ভতো ৰায়দান কৰি ন্যায়ালয়ে কয় যে, ড্রপড শিক্ষকসকলে পুৰণি পেঞ্চন নীতিৰ সুবিধা লাভ নকৰিব । সমান্তৰালভাৱে নাপাব জি পি এফৰ সুবিধা । কিন্তু ড্রপড শিক্ষকসকলৰ ক্ষেত্ৰত নতুন পেঞ্চন আঁচনি প্রযোজ্য হ'ব । ৰাজ্যৰ বহুবৰ্চিত অ' বি বি শিক্ষকসকলকলৈও ন্যায়ালয়ে কয় যে, ৭,০৬৬ টা পদ সৃষ্টি কৰি সেই সময়ত নিযুক্তি দিয়া অ'বি বি শিক্ষকসকলে পুৰণি পেঞ্চন আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব আৰু জি পি এফৰ সুবিধাও নাপাব । অ'বি বি শিক্ষকসকলে নতুন পেঞ্চন আঁচনিৰ অধীনত পৰিচালিত হ'ব । শুনানি কালত ন্যায়ালয়ে পুনৰ উল্লেখ কৰে যে, তদর্থ মঞ্জুৰিৰ ভিত্তিত নিযুক্তিপ্রাপ্ত শিক্ষকসকলেও পুৰণি পেঞ্চন নীতিৰ পৰিৱৰ্তে নতুন পেঞ্চন নীতিৰ সুবিধাহে লাভ কৰিব । তেওঁলোক জি পি এফত যোগদান কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব ।

২০০৫ চনৰ ১ ফেব্ৰুৱাৰী বা তাৰ পিচত ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা চাকৰি নিয়মীয়া কৰা শিক্ষকসকলেও নতুন পেঞ্চন আঁচনিৰ সুবিধা পাব বুলি উল্লেখ কৰে ন্যায়ালয়ে । অৱশ্যে ন্যায়ালয়ে ৰায়দানত উল্লেখ কৰে যে ড্রপড শিক্ষক, অ' বি বি, অতিৰিক্ত শিক্ষক, তদৰ্থ মঞ্জুৰিপ্ৰাপ্ত শিক্ষকৰ লগতে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্তিপ্রাপ্ত শিক্ষকসকলে অৱসৰকালীন গ্রেচুইটি আৰু মৃত্যুকালীন গ্রেচুইটি লাভৰ বাবে যোগ্য বিবেচিত হ’ব । ২০২১ চনৰ ১ ফেব্ৰুৱাৰীৰ কাৰ্যালয় স্মাৰকৰ ভিত্তিত এইসকল শিক্ষকে গ্রেচুইটি লাভ কৰিব ।

আদালতে নির্দেশনাত স্পষ্ট কৰি দিয়ে যে ভিন্ন কাৰণত আদালতৰ দ্বাৰস্থ হ'ব নোৱৰা ষ্টাইপেণ্ডপ্রাপ্ত শিক্ষকসকলক পুৰণি পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব । যাৱতীয় পৰীক্ষণৰ অন্তত ৬ মাহৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আদালতে উক্ত নিৰ্দেশনাত উল্লেখ কৰে । ন্যায়ালয়ত ডব্লিউ পি (চি) ৫২০২/২০২১ নম্বৰৰ লেখ আবেদনখনৰ ভিত্তিত যুক্তি দর্শায় অধিবক্তা বিশ্বজ্যোতি পুৰকায়স্থই । উল্লেখ্য যে, ৰাজ্যৰ বহুসংখ্যক শিক্ষকে নতুন পেঞ্চন নীতিৰ অধীনত পেঞ্চনকে ধৰি অন্যান্য সা-সুবিধা বিচাৰি ন্যায়ালয়ত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে ৰাজ্যৰ ছটা পৰ্যায়ৰ শিক্ষকৰ পেঞ্চনক লৈ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ।

লগতে পঢ়ক:Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.