ETV Bharat / state

একেদিনাই খাৰিজ বিদেশী ন্যায়াধীকৰণৰ 57 টা গোচৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে বুধবাৰে খাৰিজ কৰে বিদেশী ন্যায়াধীকৰণৰ 57 টাকৈ গোচৰ ৷ মৰিগাঁৱৰ 4নং বিদেশী ন্যায়াধীকৰণৰ এগৰাকী সদস্যই হকে-বিহকে মীমাংসা কৰা 288 টা গোচৰৰ ভিতৰত আছিল এইসমূহ গোচৰ ৷

গুৱাহাটী উচ্চ ন্য়ায়ালয়
author img

By

Published : Oct 9, 2019, 9:20 PM IST

গুৱাহাটী, 9 অক্টোবৰঃ বিদেশী চিনাক্তকৰণৰ বাবে গঠন কৰা বিদেশী ন্যায়াধীকৰণৰ আজৱ কাণ্ড ৷ বিদেশী ন্যায়াধীকৰণৰ কাণ্ড দেখি হতবাক খোদ গুৱাহাটী উচ্চ ন্যায়ালয় ৷ যাৰ বাবে 2018 চনৰ জুন মাহতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰিছিল নিজাববীয়া গোচৰ ৷

এই ঘটনা সংঘটিত হৈছিল মৰিগাঁৱৰ 4নং বিদেশী ন্যায়াধীকৰণত ৷ ন্যায়াধীকৰণৰ পূৰ্বৰ এগৰাকী সদস্যই তেওঁৰ কাৰ্যকালত মীমাংসা কৰিছিল 288 টা গোচৰ ৷ কোনো বৈধ তথ্য-পাতি প্ৰমাণ নকৰাকৈ 288ৰ ভিতৰত 57 টা গোচৰৰ হকে-বিহকে ৰায়দান প্ৰদান কৰিছিল সদস্যগৰাকীয়ে ৷ গোচৰসমূহৰ অধিকাংশৰে কোনো শুনানীৰ লগতে বৈধ তথ্য-পাতিও পৰীক্ষা কৰা হোৱা নাছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লক্ষ্যলৈ আহিছিল সমগ্ৰ ঘটনাটো ৷ যাৰ বাবে 2018 চনৰ জুন মাহত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ন্যায়ালয়ে ৷

বিশিষ্ট অধিবক্তা উপমান্যু হাজৰিকা

অৱশেষত সমগ্ৰ প্ৰক্ৰিয়াটোৰে অনুসন্ধান চলায় গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ অনুসন্ধানৰ অন্তত 288টা গোচৰৰ সকলো তথ্য-পাতি জব্দ কৰিবলৈ গৃহ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ন্যায়ালয়ে ৷ ন্যায়াধীশ কল্যান ৰাই চুৰানা আৰু মনোজিৎ ভূঞাৰ বিচাৰপীঠে 57টা গোচৰ খাৰিজ কৰে ৷

Intro:গুৱাহাটী, ৯ অক্টোবৰঃ সন্দেহজনক নাগৰিক নহয়, এইবাৰ সন্দেহজনক বিদেশী ন্যায়াধীকৰণ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছতে স্বাভাৱিকতে বৃদ্ধি পাইছে বিদেশী ন্যায়াধীকৰণৰ গুৰুত্ব। কিন্তু প্ৰকৃততে কি চলিছে একাংশ বিদেশী ন্যায়াধাকৰণত ? গোচৰ মীমাংসাৰ নামত একাংশ ন্যায়াধীকৰণত যে ভেকোঁভাওনাৰ বাহিৰে আন একো চলা নাই সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে । যি ভয়ংকৰ সত্য দেখি স্তম্ভিত হৈ পৰিছে স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়।Body:মৰিগাঁৱৰ ৪ নং বিদেশী ন্যায়াধীকৰণত ঘটিছে এই ঘটনা। এইখন ন্যায়াধীকৰণৰ পূৰ্বৰ এগৰাকী সদস্যই তেওঁৰ কাৰ্যকালত মীমাংসা কৰিছিল ২৮৮ টা গোচৰ। এই গোচৰসমূহৰ অধিকাংশৰেই কোনো শুনানীও লোৱা হোৱা নাছিল বা বৈধ তথ্য পাতিও পৰীক্ষা কৰা হোৱা নাছিল।Conclusion:তেনেকৈয়ে ৫৭ টা গোচৰৰ ৰায়দান কৰা হৈছিল কাৰোবাক বিদেশী বা কাৰোবাক স্বদেশী বুলি। এই বিষয়টো দৃষ্টিগোচৰ হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাকৈ এটা গোচৰ তৰি বিষয়টোৰ অনুসন্ধান কৰিছিল। আনকি উক্ত ২৮৮ টা গোচৰৰ সমস্ত তথ্য পাতি জব্দ কৰিবলৈও ৰাজ্যৰ গৃহ বিভাগক নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে। অৱশেষত ন্যায়াধীশ কল্যাণ ৰাই চুৰানা আৰু মনোজিৎ ভূঞাৰ বিচাৰপীঠে উক্ত ৫৭ টা গোচৰ খাৰিজ কৰে।

( উপমন্যু হাজৰিকাৰ বাইট দিছো অসমীয়া আৰু ইংৰাজীত )
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.