ETV Bharat / state

MPLAD Fund Scam : সাংসদ পুঁজিৰ কেলেংকাৰী; এ চি এছ বিষয়া সুকন্যা বৰা, হেমন্ত দত্তৰ অগ্ৰিম জামিন নাকচ - MPLAD Fund Scam

মুখ্যমন্ত্ৰী তদাৰকী কোষে ক্ষীপ্ৰতাৰে আগবঢ়াইছে সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীৰ তদন্ত ৷ এই কেলেংকাৰীৰ অভিযুক্ত এ চি এছ বিষয়াৰ অগ্ৰিম জামিন নাকচ কৰিছে আদালতে (Ajit Bhuyan MPLAD Fund Scam) ৷

MPLAD Fund Scam
MPLAD Fund Scam
author img

By

Published : May 4, 2023, 7:08 PM IST

গুৱাহাটী, 4 মে’: ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ব্যৱহাৰত হোৱা দুৰ্নীতিৰ গোচৰত নিলম্বিত এ চি এছ বিষয়া সুকন্যা বৰা, হেমন্ত দত্তৰ অগ্ৰিম জামিন বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে ৷ বিগত বুধবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ব্যৱহাৰত হোৱা দুৰ্নীতিৰ গোচৰত নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল (FIR against Assam MP Ajit Bhuyan) ৷

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ গোচৰত অভিযুক্ত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা , হেমন্ত দত্তই গ্ৰেপ্তাৰৰ ভয়ত আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল (MP Ajit Bhuyan case) ৷ উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এ চি এছ বিষয়া সুকন্যা বৰা, হেমন্ত দত্তৰ জামিন আবেদনৰ শুনানিৰ সময়ত অধিবক্তাই অন্তৱর্তী সকাহ অর্থাৎ অন্তৱৰ্তী আগতীয়া জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেই আবেদন নামঞ্জুৰ কৰে (Ajit Bhuyan MP fund scam) ৷

আদালতে এ চি এছ বিষয়া সুকন্যা বৰা , হেমন্ত দত্তৰ অন্তৱৰ্তী জামিনৰ আবেদন খাৰিছ কৰি চৰকাৰক 22 মে’ত গোচৰৰ কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে ৷ সেইদিনাই শৰ্মিষ্ঠা বৰাৰ লগতে সুকন্যা বৰা আৰু হেমন্ত দত্তৰ আবেদনৰ পৰৱৰ্তী শুনানি হ’ব ৷ নিলম্বিত এ চি এছ বিষয়াকেইজনক জেৰাৰ বাবে তদন্তকাৰী বিষয়াই ইতিমধ্যে চমন দিছে (Ajit Bhuyan MPLAD Fund Scam) ৷

আদালতত বুধবাৰে জামিন আবেদন নাকচ হোৱা শৰ্মিষ্ঠা বৰাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত হাজিৰ হয় ৷ উল্লেখযোগ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত ক্ষীপ্ৰতাৰে কৰি আছে (Case against Assam Bureaucrats) ৷

ইতিমধ্যে ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এগৰাকী আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন কৰিছে (Assam MP fund scam) ৷ নিলম্বিত আই এ এছ বিষয়াগৰাকী হ’ল শেৱালি দেৱী শৰ্মা । আনহাতে নিলম্বন হোৱা এ এচি এছ বিষয়া চাৰিগৰাকী হৈছে কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ বৰদলৈ, অসম সচিবালয়ৰ উপ-সচিব শৰ্মিষ্ঠা বৰা, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দত্ত ৷ এই দুৰ্নীতিৰে জড়িত আটইকেইগৰাকী নিলম্বিত ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে (RS MP Ajit Bhuyan case) ৷

লগতে পঢ়ক: MP Ajit Bhuyan case : অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী; ১৪ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.