গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ 'গিভ ছাইড, ছেভ লাইভ' নামৰ এক কাৰ্যক্ৰমৰ জৰিয়তে ৰাইজৰ মাজত জৰুৰীকালীন সজাগতা প্ৰদানৰ চেষ্টা হাতত লৈছে আয়ুৰচন্দ্ৰা চিকিৎসালয়ে।
জৰুৰীকালীন সময়ত যাতে এম্বুলেঞ্চে কোনো কাৰণতে বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চালকক ট্ৰমাৰ প্ৰশিক্ষণ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত ৰেলী, জনতাক প্ৰশিক্ষণ দিয়া কাৰ্যসূচী হাতত লয় আয়ুৰচন্দ্ৰা কতৃপক্ষই। যান-জঁটৰ সমস্যা বাবে হওঁক বা অন্য কাৰণতে হওঁক এম্বুলেঞ্চে প্ৰায়ে বাধাৰ সন্মুখীন হৈ আহিছে ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত হয় ।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
সেয়ে উক্ত ব্যৱস্থা হাতত লৈছে আয়ুৰচন্দ্ৰা কতৃপক্ষই । শুকুৰবাৰৰ এই সংবাদ মেলত উপস্থিত থাকে আয়ুৰচন্দ্ৰা হাস্পতালৰ কাৰ্যবাহী সঞ্চালক হিমাদ্ৰী বৰঠাকুৰ,অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু গৰিমা শইকীয়া গাৰ্গ ।