ETV Bharat / state

ঘৰৰ জাবৰ বাটত পেলোৱা লোকৰ বাবে বেয়া দিন আহিল গুৱাহাটীত

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 6:03 PM IST

Garbage Free Guwahati: উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক জাকত-জিলিকা কৰাৰ উদ্দেশ্যৰে গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছে জাবৰমুক্ত গুৱাহাটী অভিযান ৷ এতিয়াৰে পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ সময়ত স্কেন কৰা হ’ব QR Code ৰ দ্বাৰা ৷

Garbage Free Guwahati Campaign
Garbage Free Guwahati

জাবৰমুক্ত গুৱাহাটী অভিযান

গুৱাহাটী, 15 ডিচেম্বৰ: শুকুৰবাৰে মহানগৰীৰ বশিষ্ঠস্থিত যানশালাত অনুষ্ঠিত হয় 'জাবৰমুক্ত গুৱাহাটী' অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত মেঘনিধি দাহাল, পাৰিষদ ৰত্না সিঙকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী । এতিয়াৰে পৰা গুৱাহাটীত জাবৰ সংগ্ৰহৰ ক্ষেত্ৰত নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৌৰ নিগমে ৷

সেই অনুসৰি প্ৰতিগৰাকী লোকৰ ঘৰৰ বাহিৰত QR code লগাব GMC-এ । ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰিলে কোডত স্কেন কৰিব লাগিব জাবৰ সংগ্ৰহকাৰী সংস্থাই । যদিহে কিবা অভিযোগ থাকে তেনেহলে দাখিলৰ বাবে 7086053941, 7086028339 হোৱাটছ্ আপ নম্বৰ মুকলি পৌৰ নিগমৰ । এই স্কেনাৰতে পৰ্যায়ক্ৰমে আৱদ্ধ হ'ব গুৱাহাটীবাসীৰ ঘৰৰ ভাড়াতীয়াৰ তথ্য । ইয়াৰ জৰিয়তে কৰ আদায় কৰাৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা GMC-ৰ ।

প্ৰথম পৰ্যায়ত মহানগৰীৰ 10 টা ৱাৰ্ডত এই পদক্ষেপ মুকলি পৌৰ নিগমৰ । একেটা অনুষ্ঠানতে 10 ৱাৰ্ডত জাবৰ সংগ্ৰহকাৰী বাহন, ই-ৰিক্সা প্ৰদান কৰা হয় । 18, 28, 29, 31, 32, 33, 36, 48, 49 আৰু 59 নং ৱাৰ্ডত আজিৰে পৰা আৰম্ভ কৰা হয় এই ব্যৱস্থা । ইফালে জাবৰ-জোথৰ ৰাজহুৱা স্থানত পেলোৱা লোকক কঠোৰ সকিয়নী GMC ৰ । তেনে অসচেতন লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ নিগমে । কেৱল জাবৰ সংগ্ৰহকাৰী সংস্থাক জাবৰ-জোথৰ দিবলৈ গুৱাহাটীবাসীক আহ্বান GMC ৰ ।

জাবৰমুক্ত গুৱাহাটী অভিযানৰ শুভাৰম্ভণি কৰি মেয়ৰ মৃগেন শৰণীয়া আৰু GMC ৰ আয়ুক্ত মেঘনিধি দাহালে জবৰ সংগ্ৰহৰ সমগ্ৰ বিষয়টোৰ ব্যাখ্যা আগবঢ়ায় ৷

লগতে পঢ়ক: বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীক যৌন উৎপীড়ন চলোৱাক লৈ উত্তাল মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.