ETV Bharat / state

Ganesh Chaturthi 2023: সিদ্ধিদাতাৰ আশিস বিচাৰি গণেশ মন্দিৰত ভক্তৰ ভিৰ

author img

By

Published : Jan 25, 2023, 3:20 PM IST

দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হৈছে শিৱ-পাৰ্বতী তনয় গণেশক ৷ গণেশ বন্দনাত মুখৰিত ৰাজ্য । সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ চুকে কোনে । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গণেশৰ বন্দনাৰে গুঞ্জৰিত হৈছে গুৱাহাটী মহানগৰীও(Ganesh Chaturthi celebration in Assam) ।

Ganesh Chaturthi celebration in Assam in Guwahati
আজি গণেশ চতুৰ্থী
আজি গণেশ চতুৰ্থী

গুৱাহাটী, ২৫ জানুৱাৰী: আজি গণেশ চতুৰ্থী(Ganesh Chaturthi 2023) । দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হৈছে শিৱ-পাৰ্বতী তনয় গণেশক ৷ সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে (Ganesh Chaturthi celebration in Assam) ৷ হিন্দু ধৰ্ম বিশ্বাস অনুসৰি দেৱ-দেৱীসকলৰ প্ৰথম পূজা লাভ কৰে গণেশ দেৱতাই । বিঘিনি নাশক গণেশৰ মন্ত্ৰোচ্চাৰনেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰ ।

সমগ্ৰ ৰাজ্যৰ লগতে গণেশৰ বন্দনাৰে গুঞ্জৰিত হৈছে গুৱাহাটী মহানগৰী(Ganesh Chaturthi celebration in Assam in Guwahati) । মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীত । গণেশ চতুৰ্থী উপলক্ষে যথেষ্ট ভক্তই ভিৰ কৰিছে পূজাস্থলী সমূহত । ৰং-বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশ মন্দিৰসমূহ । গণেশ চতুৰ্থীৰ দিনা ধূপ-দীপ জ্বলাই পূজা অৰ্চনা কৰিবলৈ গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে ।

প্ৰতিটো মন্দিৰে মন্দিৰে গণপতিৰ আশিস বিচাৰি পুৱাৰে পৰা ভিৰ কৰিছে অগনন ভক্তই । ঐতিহ্যমণ্ডিত গণেশগুৰিৰ গণেশ মন্দিৰ আৰু লতাশিলৰ গণেশ মন্দিৰতো পুৱাৰে পৰা ভক্তই ভিৰ কৰা পৰিলক্ষইত হৈছে । পুৱাৰে পৰা গণেশ বাবাক দৰ্শনৰ বাবে ভক্তৰ লানি নিছিগা সোঁত বৈছে প্ৰতিতো মন্দিৰলৈ । গণেশ চতুৰ্থী উপলক্ষে মহানগৰীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷

হিন্দু ধর্মৰ দেৱতাসকলৰ ভিতৰত গণেশ অন্যতম ৷ সিদ্ধিদাতা গণেশৰ পূজাই অসূয়া-অপ্ৰীতি নাশ কৰে বুলি সকলোৰে এক বিশ্বাস ৷ সেয়ে সকলো বিপদৰ পৰা হাত সাৰি বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবেই প্ৰাৰ্থনা কৰিছে সকলোৱে । উল্লেখ্য যে গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম । সকলো হিন্দু ধৰ্মালম্বীৰ মাজতেই গণেশ দেৱতাৰ পূজা প্ৰচলিত । জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত ।

ইফালে গণেশ পূজা উপলক্ষে মন্দিৰসমূহৰ সমীপৰ বিপনীসমূহতো দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ । উপাস্য দেৱতা গণেশৰ প্ৰিয় আহাৰ মোদক তথা অন্যান্য সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগাইছে গ্ৰাহকে ।

লগতে পঢ়ক: Social worker Abdul Majid Farooq: অৱসৰপ্ৰাপ্ত কৰ বিষয়া তথা সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.