ETV Bharat / state

হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা পৰ্বতাৰোহী দীপশিখাৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Oct 10, 2022, 12:14 PM IST

Updated : Oct 10, 2022, 1:13 PM IST

হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা পৰ্বতাৰোহী দীপশিখাৰ শেষকৃত্য সম্পন্ন ৷ নেহৰু ষ্টেডিয়ামত দীপশিখাক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ধৰ্মীয় ৰীতি-নীতিৰে মালিগাঁৱৰ আদিংগিৰি পাহাৰত সম্পন্ন কৰা হয় পৰ্বতাৰোহীগৰাকীৰ শেষকৃত্য (Funeral of climber Deepsikha in Guwahati) ।

Funeral of climber Deepsikha in Guwahati
হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা পৰ্বতাৰোহী দীপশিখাৰ শেষকৃত্য সম্পন্ন

গুৱাহাটী, ১০ অক্টোবৰ: শেষকৃত্য সম্পন্ন হ’ল উত্তৰাখণ্ডৰ হিমস্খলনত নিহত পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ । নেহৰু ষ্টেডিয়ামত দীপশিখাক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ধৰ্মীয় ৰীতি-নীতিৰে মালিগাঁৱৰ আদিংগিৰি পাহাৰত সম্পন্ন কৰা হয় পৰ্বতাৰোহীগৰাকীৰ শেষকৃত্য (Funeral of climber Deepsikha in Guwahati) ।

উত্তৰাখণ্ডত হোৱা ভয়াৱহ হিমস্খলনত ৪ অক্টোবৰত সন্ধানহীন হৈছিল পৰ্বতাৰোহী দীপশিখা হাজৰিকা । গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ বাসিন্দা ২৮ বৰ্ষীয় পৰ্বতাৰোহীগৰাকীৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হৈছিল (Body recovered of Deepshikha Hazarika)। দেওবাৰে দিল্লীৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ লৈ অনা হৈছিল দীপশিখাৰ নশ্বৰ দেহ । আজি পুৱা নেহৰু ষ্টেডিয়ামত (Nehru Mountaineering Institute) শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে আদিংগিৰিত শেষকৃত্য সম্পন্ন কৰা হয় পৰ্বতাৰোহীগৰাকীৰ ।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰতে এডভান্সড প্ৰশিক্ষণৰ বাবে উত্তৰ কাশীৰ ইনষ্টিটিউটলৈ ঘৰৰ পৰা ৰাওনা হৈছিল অসমৰ জীয়ৰী দীপশিখা হাজৰিকা । ২৫ ছেপ্টেম্বৰত দলটোৱে প্ৰশিক্ষণ লৈছিল বেছ কেম্পত ৷

৪ অক্টোবৰত নেহৰু মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ ৪১ জনীয়া এটা দল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দাণ্ডা–২ পৰ্বত শৃংগত হিমস্খলনৰ বাবে আবদ্ধ হৈছিল । এই দলটোত আছিল অসমৰ জীয়ৰী দীপশিখা হাজৰিকাও । গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ দীপশিখা নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী আছিল । নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনীয়াৰিঙত এডভান্স মাউণ্টেইনিয়াৰিং কোৰ্ছ কৰি আছিল দীপশিখা । কিন্তু নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবে প্ৰকৃতিৰ বুকুত শুই পৰিল দীপশিখা ৷

হিমালয়ৰ বুকুত মৃত্যুক সাৱটি লোৱা দিপশিখা আছিল অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী । নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ (Nehru Mountaineering Institute ) অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা 8.45 বজাত হিমস্খলনৰ ঘটনাটো সংঘটিত হৈছিল ৷ ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হৈছিল এই ভয়াৱহ হিমস্খলনটো ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱৰ দেহাৱসান

Last Updated : Oct 10, 2022, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.