গুৱাহাটী, 27 এপ্ৰিল : গুৱাহাটী পৌৰ নিগম এলেকাত ৰাস্তা ঘাট, নলা-নদৰ্মা নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ বিজুলী বাতি সংযোগ কৰা, জাৱৰৰ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰা(Scientific extraction of garbage), খোৱাপানীৰ ব্যৱস্থা কৰা আৰু বস্তি অঞ্চলৰ উন্নয়ন সাধন কৰা আদি কামৰ দায়িত্ব আছে গুৱাহাটী পৌৰ নিগম । তদুপৰি গুৱাহাটীৰ উন্নয়নৰ বাবে নতুন প্ৰকল্প ৰূপায়ন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব আছে । কিন্তু এই দায়িত্ব পালনত গুৱাহাটী পৌৰ নিগমে চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উঠিছে ।
গুৱাহাটী পৌৰ নিগমৰ ৰাজকোষত এই কামবোৰ কৰাৰ বাবে ধন নাই । তদুপৰি গুৱাহাটীৰ উন্নয়নৰ বাবে অভিলাষী প্ৰকল্প ৰূপায়ণৰ বাবে যেনেদৰে কোনো বিদেশী বিনিয়োগ নাই ঠিক সেইদৰে পৌৰ নিগম অভিলাষী প্ৰকল্প ৰূপায়ণৰ বাবে কোনো পৰামৰ্শদাতা(Consultant) নাই । গুৱাহাটীত মঙলবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) সদৰি কৰা মতে, গুৱাহাটী পৌৰ নিগমৰ বছৰি আয় হয় ১১৫ কোটি টকা । কিন্তু পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন দিয়াৰ নামত বছৰি ১২৫ কোটিৰ পৰা ১৫০ কোটি টকা খৰছ হয় ।
অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অনুমান কৰিব পাৰি যে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীসকলক বছৰি দৰমহা আৰু পেঞ্চন দিয়াৰ বাবে ১০ কোটি টকাৰ পৰা ৩৫ কোটি টকা পৰ্যন্ত ঘাটি বাজেট হয় । পৌৰ নিগমৰ এনে আৰ্থিক দুৰাৱস্থাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ বাবে নতুন প্ৰকল্প ৰূপায়ন কৰাৰ দূৰৈৰ কথা গুৱাহাটীৰ জ্বলন্ত সমস্যা সমাধান কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আছে । গুৱাহাটীত শেহতীয়াভাৱে লোক নিৰ্মাণ বিভাগে অকলে গুৱাহাটীত ৰাস্তা ঘাট, উৰণীয়া সেঁতু, পদদলং আদি নিৰ্মাণ কৰি আছে ।
মন কৰিবলগীয়া যে, গুৱাহাটী পৌৰ নিগমে বিগত ৮-৯ বছৰ পূৰ্বে গুৱাহাটীৰ উন্নয়নৰ বাবে গুৱাহাটীক সৌৰ নগৰী হিচাপে গঢ়ি তোলাৰ প্ৰকল্প আৰু গুৱাহাটীৰ ২১২ টা বস্তি অঞ্চল উন্নয়নৰ প্ৰকল্পৰ পৰিকল্পনা কৰিছিল (Solar city Guwahati)। কিন্তু ধনৰ অভাৱ আৰু এই প্ৰকল্প ৰূপায়ন কৰাৰ বাবে পৌৰ নিগমত বিশেষজ্ঞৰ অভাৱৰ বাবে অভিলাষী প্ৰকল্প দুটা চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।
শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC polls 2022 results) বিজেপি বৃহৎ জয় হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ৱাৰ্ডসমূহৰ ৰাস্তা ঘাট নিৰ্মাণৰ বাবে ৬০০ কোটি টকা দিব বুলি ঘোষণা কৰিছে । বিজেপি আৰু বিজেপিৰ মিত্ৰদল অগপ পৌৰ নিগমৰ নিৰ্বাচনত জয় হোৱাৰ পিছত এতিয়া গুৱাহাটী পৌৰ নিগমৰ পৰিষদ গঠন হ'ব । গুৱাহাটী পৌৰ নিগমৰ নতুনকৈ দায়িত্বভাৰ ল'বলগীয়া পৌৰ নিগমৰ পৰিষদখনে কি দৰে পৌৰ নিগমৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লগতে গুৱাহাটীৰ উন্নয়ন সাধন কৰিব সেয়া সময়হে ক'ব ।
লগতে পঢ়ক : CM on Opposition Parties: বিজেপি বিৰোধী দলসমূহক হেপা আৰু শিয়ালৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ