গুৱাহাটী, 2 এপ্ৰিল : গুৱাহাটী জজ খেলপথাৰত ৰোমাঞ্চকৰ প্ৰীতি ক্ৰিকেট মেচ ৷ ক্ৰিকেটাৰৰ ৰূপত খেলপথাৰত দেখা গ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ মুখ্য ন্যায়াধীশ একাদশ বনাম মুখ্যমন্ত্ৰী একাদশৰ (Chief Justice Xl vs Chief Minister Xl) মাজত শনিবাৰে আয়োজিত ক্ৰিকেট মেচখন অমীমাংসিতভাৱে সমাপ্ত হয় (Friendly cricket match at the Judge Field) ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 75 বৰ্ষপূৰ্তি অৰ্থাৎ মহাৰজত জয়ন্তী উপলক্ষে মহানগৰীৰ জজ খেলপথাৰত শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ একাদশ বনাম মুখ্যমন্ত্ৰী একাদশৰ মাজত অনুষ্ঠিত হয় এখন ৰোমাঞ্চকৰ প্ৰীতি ক্ৰিকেট মেচ ৷ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰী একাদশে (Platinum Jubilee of Gauhati High Court) ৷
20 অভাৰৰ প্ৰীতি মেচখনত প্ৰথমে বেটিং কৰি মুখ্য ন্যায়াধীশ একাদশে মুখ্যমন্ত্ৰী একাদশক 139 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । 20 অভাৰত মুখ্যমন্ত্ৰী একাদশে 6 টা উইকেট হেৰুৱাই 138ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ খেলৰ শেষত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ খেলখন ক’ব নোৱাৰাকৈয়ে ড্ৰ হৈ গ'ল (Friendly Cricket Match in Guwahati) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী একাদশ দলটোত খেলুৱৈৰ ৰূপত দেখা গ'ল বিধায়ক তৰংগ গগৈ, সুশান্ত বৰগোহাই, ৰূপজ্যোতি কুৰ্মী, ডিজিপি জিপি সিং, সুশান্ত বিশ্ব শৰ্মা, উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাজনকো । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল প্ৰীতি ক্ৰিকেট মেচখন (Assam CM Playing cricket) ৷
5 এপ্ৰিলত গৌৰৱোজ্বল 75 বছৰ সম্পূৰ্ণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ মহাৰজত জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে এই বিশেষ দিনটো ৷
উল্লেখযোগ্য যে, ভাৰতৰ স্বাধীনতাৰ পিচত 1947 চনৰ 9 ছেপ্টেম্বৰত অসম বিধানসভাই অসমত এখন উচ্চ ন্যায়ালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি 1948 চনৰ 1 মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰা হয় ৷ 1963 চনৰ 1 ডিচেম্বৰত নাগালেণ্ড ৰাজ্য সৃষ্টি হোৱাৰ পিচত ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। 1971 চনত "উত্তৰ পূব এলেকা (পুনসংগঠন) অধিনিয়ম, 1971"ৰ অধীনত ইয়াক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি নামাকৰণ কৰা হয় । 1948 চনৰ 5 এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্বোধন কৰে । একেদিনাই ছাৰ ৰণাল্ড ফ্ৰাঞ্চিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱা হয় ।