ETV Bharat / state

গুৱাহাটীত চিকিৎসা বিজ্ঞানত নাম ভৰ্ত্তিৰ প্ৰলোভনেৰে ধন‌ আত্মসাৎ কৰা প্ৰৱঞ্চক আটক

author img

By

Published : Apr 20, 2020, 11:54 AM IST

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই দেওবাৰে আৰক্ষীয়ে আটক কৰে অভিযুক্তৰ আতাউৰ ৰহমান ওৰফে বাবলুক ৷

Fraud arrested by Khetri police
গুৱাহাটীত চিকিৎসা বিজ্ঞানত নামভৰ্ত্তিৰ প্ৰলোভনেৰে ধন‌ আত্মসাৎ কৰা প্ৰৱঞ্চক আটক

গুৱাহাটী,20 এপ্ৰিল: ক্ষেত্ৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ দীৰ্ঘদিন ধৰি বহি ৰাজ্যৰ ব্যক্তিগত মেডিকেল কলেজত চিকিৎসা বিজ্ঞানত নামভৰ্ত্তিৰ প্ৰলোভনেৰে ধন‌ আত্মসাৎ কৰি অহা এজন ভণ্ড প্ৰৱঞ্চকক আটক কৰিছে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই দেওবাৰে আৰক্ষীয়ে আটক কৰে অভিযুক্তৰ আতাউৰ ৰহমান ওৰফে বাবলুক ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা এক দুষ্ট চক্ৰই এইদৰে বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ পৰা বহি ৰাজ্যৰ আগশাৰী শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰাৰ নামত ধন সংগ্ৰহ কৰি আহিছিল ৷ অভিযোগ অনুসৰি ক্ষেত্ৰীৰ এগৰাকী ছাত্ৰীক কৰ্ণাটকৰ ব্যক্তিগত মেডিকেল কলেজত নামভৰ্ত্তিৰ প্ৰলোভন দি 25 লাখ টকা লুট কৰিছিল ধৃত আতাউৰ ৰহমানে ৷ অৱশেষত বিগত চাৰি মাহে চলা অভিযানৰ অন্তত আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকজনক ৷ ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ বৰাই জনোৱা মতে ধৃত আতাউৰ ৰহমানে অসমৰ বিভিন্ন স্থানৰ পৰা অসমৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্ত্তিৰ প্ৰলোভনেৰে বহু টকা আত্মসাৎ কৰিছিল ৷ পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিব দুষ্ট চক্ৰটোৰ সবিশেষ কাৰ্যকলাপ ৷

লগতে পঢ়কঃ গোলাঘাটত প্ৰচণ্ড ধুমুহা-শিলবৃষ্টি,বিস্তৰ ক্ষতি সাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.