ETV Bharat / state

১২ ছেপ্টেম্বৰৰ পৰা  উত্তৰ-পূৰ্বাঞ্চললৈ আৰু ৪ খন নতুন ৰেল

author img

By

Published : Sep 11, 2020, 1:24 PM IST

দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ । ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ পুনৰ চলিব ৪ খন ৰেল ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চলিব লগা দুৰণিবটীয়া ৰেল কেইখন হ’ল ডিব্ৰুগড়ৰ পৰা অমৃতসৰ(সাপ্তাহিক),গুৱাহাটী পৰা বাংগালুৰু(সপ্তাহত তিনি দিন),গুৱাহাটী পৰা লালগড়(প্ৰতিদিনে)আৰু আগৰতলাৰ পৰা দেওঘৰ(সাপ্তাহিক)।

Indian railway
Indian railway

আজাৰা, 11 ছেপ্টেম্বৰ : দেশত কৰ’না মহামাৰীৰ আতংক চলি থকাৰ বাবে যোৱা মাৰ্চ মাহৰ পৰাই প্ৰথম পৰ্যায়ত যাত্ৰীবাহী ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল । পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন ঠাইত লক ডাউনৰ বাবে আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় ৰেলৱে শ্ৰমিক ট্ৰেইনৰ চলাচল আৰম্ভ কৰি শ্ৰমিক সকলক নিজ নিজ গৃহ ৰাজ্যলৈ পঠোৱাত সহায় কৰিছিল । তাৰ পিছত দেশত ১৫ খন বিশেষ ৰাজধানী ট্ৰেইন চলাচলৰ ব্যৱস্থা কৰিছিল যদিও ইয়াৰ ভিতৰত ২খন ৰাজধানী ট্ৰেইন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে খুলি দিয়া হৈছিল ।

ইয়াৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত মুঠ ২৩০ খন যাত্ৰীবাহী ৰেল চলাচলৰ বাবে অনুমতি দিছিল আৰু ইয়াৰে ভিতৰত ৫খন অসমৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ আৰু ৩খন ৰেল পশ্চিম বংগৰ পৰা অসমলৈ ধৰি মুঠ ৮ খন ৰেল উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দিছিল । শেহতীয়াভাবে ভাৰতীয় ৰেল সেৱাই অহা ১২ ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৮০ খন ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰে ভিতৰত ৪ খন ৰেল চলিব উত্তৰ-পূৰ্বাঞ্চলৰ পৰা । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চলিব লগা দুৰণিবটীয়া ৰেল কেইখন হ’ল ডিব্ৰুগড়ৰ পৰা অমৃতসৰ(সাপ্তাহিক),গুৱাহাটী পৰা বাংগালুৰু(সপ্তাহত তিনি দিন),গুৱাহাটী পৰা লালগড়(প্ৰতিদিনে)আৰু আগৰতলাৰ পৰা দেওঘৰ(সাপ্তাহিক)

১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত চলিব ৪ খন নতুন ৰেল

১২ ছেপ্টেম্বৰ পৰা পুনৰ চলিবলগীয়া এই নতুন ৪ খন ৰেলৰ টিকট বুকিং ইতিমধ্যে আৰম্ভ হৈছে আৰু এতিয়াৰ পৰা ১২খনকৈ ৰেলেৰে উত্তৰ-পূৰ্বাঞ্চল পৰা দেশৰ বিভিন্ন ঠাইলৈ যাতায়ত কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উত্তৰ পূব ৰেলৱেৰ জনসম্পৰ্ককাৰী বিষয়া নিপেন ভট্টাচাৰ্যই । অৱশ্যে স্থানীয় ৰেলসেৱা বৰ্তমানেও বন্ধ থাকিব বুলি কয় বিষয়া গৰাকীয়ে । ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিচতে স্থানীয় ৰেল চলাচলৰ সিদ্ধান্ত ল’ব ৰেল বিভাগে । ভাৰতীয় ৰেল সেৱাই পূৰ্বৰ ২৩০ খনৰ লগত নতুনকৈ যি ৮০খন ৰেল চলাচলৰ সিদ্ধান্ত ল’লে, এই সিদ্ধান্তই নিশ্চয়কৈ ৰেল যাত্ৰী সকলৰ বাবে হ’ব সুখকৰ ।

লগতে পঢ়ক : ক'ভিড-19 ৰ ভয়াবহতাৰ মাজতে বৃদ্ধি ভাৰতীয় ৰেলৰ টিকেট বুকিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.