ETV Bharat / state

Cotton University: কটন বিশ্ববিদ্যালয়ৰ ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত বঁটা প্ৰদান

কটন বিশ্ববিদ্যালয়ৰ ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । ব্ৰিটিছ শাসন কালত অসমত কটন কলেজ স্থাপনৰ সপক্ষে জনমত সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সকলক স্মৰণ (Cotton College)।

Foundation Day of Cotton University
কটন বিশ্ববিদ্যালৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : May 28, 2023, 7:47 AM IST

গুৱাহাটী, ২৮ মে': ১২৩ টা বছৰত ভৰি দিলে তাহানিৰ কটন কলেজ আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয় (123rd Foundation Day of Cotton University)। শনিবাৰে বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰি ১২২টা গৌৰৱময় বছৰৰ ইতিহাস সোঁৱৰণ কৰা হয় । উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণেৰে আৰম্ভণি কৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ বিষয়ে উল্লেখ কৰি কয়, 'কটন বিশ্ববিদ্যালয়ে গৱেষণা, মুক্ত চিন্তা আৰু মুক্ত কলা শিক্ষাপ্ৰণালীৰ এক সজীৱ কেন্দ্ৰ হিচাপে কাম কৰিব লাগিব । ইয়াত সংহত চিন্তা, সৃষ্টিশীলতা আৰু সামাজিক দায়বদ্ধতাৰ সংস্কৃতিক লালন-পালন কৰিব লাগিব ।' প্ৰতিষ্ঠা দিৱসৰ ক্ষণত তেওঁ কয়, ' আজিৰ দিনটোত আহক আমি আমাৰ কৃতিত্ব আৰু সাফল্যক উদযাপন কৰো, আমাৰ অতীতক সন্মান জনাই আগন্তুক সীমাহীন সম্ভাৱনাক আকোঁৱালি লওঁ ।'

প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়া (Governor Gulab Chand Kataria) । ভাষণত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সমসাময়িকসকলক কৃতিত্ব দিয়ে, যিসকলে ব্ৰিটিছ শাসন কালত অসমত কটন কলেজ স্থাপনৰ সপক্ষে জনমত সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ কয়, 'এই অনুষ্ঠানে ইমানবোৰ মহান ব্যক্তিত্বৰ সৃষ্টি কৰিছে যিয়ে এই অঞ্চলটোৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিছে । এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শিক্ষকসকলক মই বিশেষভাৱে শলাগিছো ।'

Foundation Day of Cotton University
কটন বিশ্ববিদ্যালৰ প্ৰতিষ্ঠা দিৱস

এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল 'প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা'। এই বক্তৃতা প্ৰদান কৰে বিশিষ্ট বতৰ আৰু জলবায়ু বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে । ভাষণত গোস্বামীয়ে উল্লেখ কৰে যে, সামগ্ৰিকভাৱে ভাৰত আৰু বিশেষকৈ উত্তৰ-পূব অঞ্চলত প্ৰয়োগ গৱেষণাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । অৱশ্যে মৌলিক গৱেষণা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু যিকোনো গৱেষণাৰ ভেটি বুলিও তেওঁ কয় । গোস্বামীয়ে লগতে উল্লেখ কৰে জীৱাশ্ম ইন্ধন ঔদ্যোগিক বিপ্লৱে কিদৰে জলবায়ু সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি কৰিছে । তেওঁ লগতে কয়, 'আমি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনক পুনৰ চোৱাৰ সময় আহি পৰিছে । প্ৰশ্নটো হ'ল- আমি একেবোৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনেৰে আগবাঢ়িব লাগে নে বেলেগ ধৰণে চিন্তা কৰিব লাগে ?'

উক্ত অনুষ্ঠানটোত স্নাতক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৭ চনত প্ৰতিষ্ঠা কৰা বাৰ্ষিক বঁটা "দুৰ্গেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা" পদাৰ্থ বিজ্ঞান বিভাগৰ নম্ৰতা নাথক প্ৰদান কৰা হয় । বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ শিক্ষক ড৹ অৰূপ কুমাৰ হাজৰিকাক গৱেষণাৰ পাৰদৰ্শিতাৰ বাবে সন্মানিত কৰা হয় । কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীপ ভূঞাকো এই বছৰৰ ৰজত কমল বঁটা লাভ কৰা বাবে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানৰ সময়ত বৰ্তমানৰ কটনিয়ান, প্ৰাক্তন কটনিয়ানৰ লগতে শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা আৰু বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীকো স্বীকৃতি প্ৰদান কৰা হয় ।

ইয়াৰ পূৰ্বে কালি পুৱা মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কটনিয়ান ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ টুইটাৰত লিখিছে,'প্ৰতিজন কটনিয়ানৰ বাবে আজি এটি বিশেষ দিন ৷ পূৰ্বৰ কটন কলেজ তথা বৰ্তমানৰ বিশ্ববিদ্যালয়খনৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস ৷ এজন কটনিয়ান হিচাপে এই মুহূৰ্তত বহু স্মৃতিয়ে দোলা দিছে ৷ কটন কলেজৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন ৷'

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য , শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক টুইটযোগে শুভেচ্ছা জনায় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আঁত ধৰে ড৹ সংগীতা বৰঠাকুৰ আৰু ড৹ চয়নিকা দত্তই । আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে ।

লগতে পঢ়ক:Mohit Ranjan Dewan: চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.