ETV Bharat / state

মোডী চৰকাৰৰ কৃপাত দেশবাসীৰ ওপৰত ১,২৫,৪০৭ কোটি টকাৰ বোজা : ছলমান খুৰছিদ

author img

By

Published : Apr 9, 2022, 5:11 PM IST

ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ছলমান খুৰছিদৰ সংবাদমেল(Press conference of former Union minister salman khurshid) । মূল্যবৃদ্ধিক লৈ সৰৱ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রীগৰাকী । মূল্যবৃদ্ধি কোনো এটা নিৰ্দ্দিষ্ট ক্ষেত্রত হোৱা নাই । প্ৰতিটো ক্ষেত্রতে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ যোগেদি অতিৰিক্তভাৱে ক্ৰমে ২৫,৭৩১ আৰু ৬৬,৮৯৬ কোটি টকাৰ বোজা জাপি দিয়া হৈছে ।

Press conference of former Union minister salman khurshid
মোডী চৰকাৰৰ কৃপাত দেশবাসীৰ ওপৰত ১,২৫,৪০৭ কোটি টকাৰ বোজা : ছলমান খুৰছিদ

গুৱাহাটী,৯ এপ্ৰিল: বিজেপি চৰকাৰে দেশবাসীৰ ওপৰত ১,২৫,৪০৭.২০ কোটি টকাৰ বোজা জাপি দিছে । এই মন্তব্য কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ছলমান খুৰছিদৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে(Press conference of former Union minister salman khurshid) ।

তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত বিভিন্ন সমস্যাই গা কৰি উঠিছে যদিও বৰ্ত্তমান সময়ত অন্যতম জ্বলন্ত সমস্যা হৈছে মূল্যবৃদ্ধি । মূল্যবৃদ্ধি কোনো এটা নিৰ্দ্দিষ্ট ক্ষেত্রত হোৱা নাই । প্ৰতিটো ক্ষেত্রতে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন দুৰ্বিহ কৰি তুলিছে । মূল্যবৃদ্ধিৰ বাস্তৱ ছবিখন দাঙি ধৰি তেওঁ কয় যে মোদী চৰকাৰে কৃষক আন্দোলনৰ বাবে ভাৰতৰ অন্নদাতা সকলৰ ওপৰত প্রতিশোধ ল’ব বিচাৰিছে ।

৫০ কিলোগ্রামৰ ডি এ পি বেগৰ মূল্য প্রতিটোত ১৫০ টকাকৈ বৃদ্ধি কৰি ইয়াৰ মুঠ মূল্য প্রতি টোপোলাত ১২০০ টকাৰ পৰা ১৩৫০ টকালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ দ্বাৰা ৩,৬০০ কোটি টকাৰ অতিৰিক্ত বোজা কৃষকৰ মূৰত জাপি দিয়া হৈছে । সেইদৰে ৫০ কিলোগ্রামৰ এন পি কে এছ বেগৰ মূল্য প্রতিটোত ১১০ টকা বৃদ্ধি কৰা হৈছে । যাৰ ফলত মুঠ মূল্য প্রতি টোপোলাত ১২৯০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি পালে । ইয়াৰ দ্বাৰা কৃষকৰ ওপৰত ৩,৭৪০ কোটি টকাৰ অতিৰিক্ত বোজা জাপি দিয়া হ'ল ।

আনহাতে পেট্রল-ডিজেলৰ মূল্য বিগত ১৭ দিনত ১৪ বাৰ বৃদ্ধিপালে । ভাৰতবৰ্ষৰ সামগ্রিক হিচাপত ১৭ দিনত পেট্রল আৰু ডিজেলৰ মূল্য ৯.২০ টকাকৈ বৃদ্ধি পালে । ইয়াৰ ফলত পেট্ৰ'লত ৫ এপ্রিললৈকে বর্তমানৰ পৰিসংখ্যাত হিচাপ কৰিলেই দেশবাসীৰ ওপৰত অতিৰিক্ত বার্ষিক বোজা হয় ২৫,৭৩১ কোটি টকা । আনহাতে ডিজেলৰ ক্ষেত্রত দেশৰ নাগৰিকৰ ওপৰত অতিৰিক্ত বার্ষিক বোজা জাপি দিছে ৬৬,৮৯৬ কোটি টকা । তেওঁ কয় যে ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ সময়ত পেট্র'লৰ ওপৰত আৰকাৰী শুল্ক প্রতি লিটাৰত আছিল ৯.২০ টকা আৰু ডিজেলৰ ওপৰত প্রতি লিটাৰত আছিল ৩.৪৬ টকা ।

বিগত ৮ বছৰত বিজেপি চৰকাৰে পেট্রলৰ ওপৰত আৱকাৰী শুল্ক প্রতি লিটাৰত অতিৰিক্ত ১৮.৭০ টকা আৰু ডিজেলৰ ওপৰত প্রতি লিটাৰত অতিৰিক্ত ১৮.৩৪ টকাকৈ বৃদ্ধি কৰিছে । অর্থাৎ ডিজেলৰ ওপৰত আৱকাৰী শুল্ক ৫৩১ শতাংশ আৰু পেট্রলৰ ওপৰত ২০৩ শতাংশ আৱকাৰী শুল্ক বৃদ্ধি কৰি মোদী চৰকাৰে অভিলেখ ৰচিলে ।

মোদী চৰকাৰে কেৱল পেট্র'ল আৰু ডিজেলৰ ওপৰত আৱকাৰী শুল্ক বৃদ্ধি কৰিয়ে আঠ বছৰত ২৬ লাখ কোটি টকা উপার্জন কৰিলে । ইফালে এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যৰ বৃদ্ধিৰে জনতাৰ ওপৰত অতিৰিক্ত ২৭,০৯৫ কোটি টকাৰ বার্ষিক বোজা জাপি দিয়া হৈছে । সেইদৰে বাহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা চি এন জিৰ মূল্য এটা মাহৰ ভিতৰত ষষ্ঠবাৰলৈ বৃদ্ধি কৰা হ'ল ।

ভাৰতত চি এন জি ব্যৱহাৰৰ পৰিমাণ ৩,২৪৭ হেজাৰ মেট্রিক টন । ইয়াৰ ওপৰত আধাৰ কৰি ২০২১-২২ বৰ্ষত চি এন জিৰ আনুমানিক ব্যৱহাৰৰ পৰিমাণ ৩,৫০০ হেজাৰ মেট্রিক টন হ’ব বুলি অনুমান কৰা হৈছে । এই মাহত প্রতি কিলোগ্রামত ৪ টকাকৈ বৃদ্ধি ঘটোৱাৰ পিছত দেশবাসীৰ ওপৰত অতিৰিক্ত ১,৪০০ কোটি টকাৰ বোজা পৰিব । আনহাতে পাইপড নেচাৰেল গেছ (পি এন জি)ৰ মূল্যবৃদ্ধিৰে মানুহৰ মূৰত অতিৰিক্তকৈ ১৯৬১.২০ কোটি টকাৰ বোজা মোদী চৰকাৰে জাপি দিছে ।

তেওঁ লগতে কয় যে ১ এপ্রিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ‘টোল কৰ' ১০-১৮ শতাংশকৈ বৃদ্ধি কৰা হৈছে । ২০২০-২১ বৰ্ষত ভাৰত চৰকাৰৰ দ্বাৰা ‘টোল কৰ'(Toll Tax)ৰ বার্ষিক সংগ্রহ আছিল ২৮,৪৫৮ কোটি টকা । ২০২১-২২ বৰ্ষত টোল কৰৰ জৰিয়তে সংগৃহীত ৰাজহ ৩৪,০০০ কোটি টকা হ'বগৈ বুলি আশা কৰা হৈছে । ১৮ শতাংশ হাৰত 'টোল কৰ’ বৃদ্ধিয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াতকাৰীৰ ওপৰত অতিৰিক্তভাৱে ৬,১২০ কোটি টকাৰ বোজা জাপি দিয়া হৈছে ।

জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে মোদী চৰকাৰে আনকি অসুস্থ, ৰুগীয়া নাগৰিকসকলকো ৰেহাই নিদিলে । ৰাষ্ট্ৰীয় ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে (এনপিপিএ) ১ এপ্রিলৰ পৰা প্রায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্যত ১০.৭৬ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছে । যাৰফলত ঔষধ উৎপাদনকাৰী প্রতিষ্ঠানসমূহৰ তথ্য অনুসৰি সাধাৰণ গ্রহকে ১০,০০০ কোটি টকাৰ অতিৰিক্ত বোজা বহন কৰিব লাগিব ।

আনহাতে নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ বাবে নিজা ঘৰ নিৰ্মাণ কৰাটো এতিয়া অসম্ভৱ কৰি তুলিছে । এপ্রিলত ঘৰৰ মূল্য আৰু নির্মাণ ব্যয় ১৫ শতাংশ অতিৰিক্তভাৱে বৃদ্ধি পালে । ৰডৰ মূল্য কিলোগ্রামত ৩৫ টকাৰ পৰা ৯০ টকালৈ বৃদ্ধি হ’ল । চিমেণ্টৰ মূল্য প্ৰতি বেগত প্রায় ১০০ টকালৈ বৃদ্ধি হ'ল । সেইদৰে মোডী চৰকাৰে গৃহ ঋণৰ ওপৰত কৰ কৰ্তন বাতিল কৰিলে ।

পি এফ একাউণ্ট (ভৱিষ্যনিধি)ৰ ওপৰত কৰ আৰোপ কৰা হ'ল । মোডী চৰকাৰৰ শোষণ আৰু লুণ্ঠনৰ দস্তাবেজ দাঙি ধৰি তেওঁ কয় যে ১ এপ্রিলৰ পৰা আধাৰ কাৰ্ডক পেনকাৰ্ডৰ সৈতে সংযুক্ত নকৰিলে চলিত বছৰৰ এপ্রিল-জুন মাহ পর্যন্ত ৫০০ টকাকৈ আৰু মার্চ ২০২৩ লৈকে সংযুক্ত নকৰিলে পুনৰ ১,০০০ টকাকৈ জৰিমনা ভৰিব লাগিব । নতুন পেনকার্ড লাভ কৰিবলৈ ১০৭ টকা আৰু আধাৰ কাৰ্ডৰ বাবে ১০০ টকাৰ মাচুল ভৰিব লাগিব ।

জৰিমনা বিহাৰ ন্যায্যতা ক'ত বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে মোডী চৰকাৰৰ কৃপাত এখন গাড়ী ক্ৰয় কৰাটো এতিয়া অতি ব্যয়বহুল হ'ল । তদুপৰি ইলেক্ট্ৰনিকচৰ বিভিন্ন স‍মগ্ৰীৰ ওপৰত চৰকাৰে কৰ বৃদ্ধি কৰিছে । তেওঁ কয় যে নাগৰিকৰ জীৱনৰ এনে এটাও ক্ষেত্র নাই, য'ত মূল্য বৃদ্ধি হোৱা নাই । ইয়াৰ বাবে কেৱল মাত্র জগৰীয়া মোডী চৰক‍াৰ।সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ আব্দুল খালেককে ধৰি কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: মৃত কংগ্ৰেছৰ লগত যুজঁ কৰি সময় নষ্ট নকৰে এ আই ইউ ডি এফে: বিধায়ক আমিনুল ইছলাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.