গুৱাহাটী, 27 ফেব্ৰুৱাৰীঃ কালি নিশা 11:30 বজাত দেহাৱসান ঘটে অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ ভদ্ৰেশ্বৰ বুঢ়াগোঁহাইৰ ৷ দিছপুৰস্থিত প'লিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, বিগত বহু দিনৰ পৰাই চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়ক গৰাকী ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী অতুল বৰাই ৷
১৯৯০ চনত অসম গণ পৰিষদ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত প্ৰয়াত ভদ্ৰেশ্বৰ বুঢ়াগোঁহাইক আমবাৰীস্থিত অগপ কাৰ্য্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলীয় নেতা সকলে ৷ বিধানসভাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচতে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যদাৰে শেষ কৃত্য সম্পন্ন কৰা হয় অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, বিশিষ্ট অধিবক্তা ভদ্ৰেশ্বৰ বুঢ়াগোঁহাইক ৷
লগতে পঢ়কঃ