ETV Bharat / state

Ranee Narah interrogated by CM Vigilance: পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক - সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ

প্রাক্তন সাংসদ ৰাণী নৰহক জেৰা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ৷ ২০১৩-১৪ বৰ্ষত সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগৰ তদন্তৰ বাবেই ৰাণী নৰহলৈ চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ এই অনুসৰি আজি পুৱা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰাক্তন সাংসদগৰাকী ৷

Ranee Narah interrogated by CM Vigilance
পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:40 PM IST

পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী তদাৰকী কোষ চলোৱা পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক । মঙলবাৰে পুৱাই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হৈছিল প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু তেওঁৰ স্বামী তথা বিধায়ক ভৰত নৰহ । জেৰাৰ অন্তত তেওঁ সংবাদমাধ্যমৰ আগত কয়, তদন্তকাৰী সংস্থাৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিছো ৷ তদন্তকাৰী সংস্থা মোৰ উত্তৰত সন্তুষ্ট । ময়ো উত্তৰ দিবলৈ পাই সন্তুষ্টি লভিছো ।

"সাংসদ পুঁজিত সাংসদগৰাকীৰ দায়বদ্ধতা নাথাকে সাংসদগৰাকীয়ে পুঁজি অনুমোদনহে কৰে । বাকী ধনৰ কামখিনি জিলা প্ৰশাসনৰ হাতত থাকে । তথাপি কি কাৰণত মুখ্যমন্ত্ৰী তদাৰকী কোষে চমন দিছিল, তাত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিবও পাৰে, নাথাকিবও পাৰে ।" সংবাদ মাধ্যমৰ আগত ভৰত নৰহে কয় ৷ তেওঁ লগতে কয়, চমন দিয়া সময়টোৰ বাবে সন্দেহৰ অৱকাশ আছে । ২০‍১৭ চনৰে গোচৰ ২০১৯ চনত এবাৰ চমন দিছিল । বিধানসভাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি ক্ৰয় আৰু ৰাজসাহায্যক লৈ সৰৱ হোৱাৰ বাবে লগে লগে চমন জাৰি কৰিছে । তেওঁ লগতে কয় আমি কোনো ৰিজাৰ্ভ দখল কৰা নাই ।

উল্লেখ্য যে, ৰাণী নৰহ সাংসদ হৈ থকা সময়ত ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ এক পুৰণি অভিযোগ আছে ৰাণী নৰহৰ বিৰুদ্ধে ৷ এই সময়চোৱাত ৰাণী নৰহে যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰী কৰাৰ অভিযোগ উঠিছিল ৷ সেই অনুসৰি ইতিপূৰ্বে এই কামৰ দুৰ্নীতিৰ অভিযোগত ২০১৭ চনত এক গোচৰ ৰুজু হৈছিল ৷ ০৪/২০১৭ নম্বৰত দুৰ্নীতি নিবাৰক আইন, ১৯৮৮ৰ অধীনত IPC 120(B)/ 468/ 471/ 409 আৰু R/W Sec. 13(2) ধাৰাত ৰুজু হৈছিল গোচৰ ।

যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত প্ৰায় ১ কোটি টকা খেলিমেলিৰ তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে । এইটো গোচৰতে পূৰ্বে গ্ৰেপ্তাৰ হৈছিল তদানীন্তন অতিৰিক্ত উপায়ুক্ত অঞ্জনাভ চলিহা আৰু তদানীন্তন গৱেষণা বিষয়া জিতুমণি দত্ত । ইতিমধ্যে নিলম্বিত হৈছে দুয়োগৰাকী বিষয়া । বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত আছে দুয়োজন । ২০১৯তো মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা চমন গৈছিল ৰাণী নৰহলৈ ৷ ২০১৯পৰা ২০২৩লৈ গোচৰটোৰ কোনো অগ্ৰগতি দেখা পোৱা হোৱা নাছিল ৷ ইয়াৰ পাচত আজি পুনৰ মুখ্যমন্ত্ৰী তদাৰকী কোষে তলব কৰে ৰাণী নৰহক ৷

লগতে পঢ়ক: Ranee Narah Summoned By CM Vigilance: মঙলবাৰে চিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ’ব প্ৰাক্তন সাংসদ ৰাণী নৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.