ETV Bharat / state

আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী - NIA ৰ তদন্ত

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্তৰ আহ্বান প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ৷ ছ’চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন মাধ্যমত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন সাংসদ ডেকাই ৷

ramen deka demands NIA probe against anand mishra
আনন্দ মিশ্ৰৰ বিৰুদ্ধে ৰমেন ডেকাৰ তদন্তৰ দাবী
author img

By

Published : Jun 7, 2021, 3:51 PM IST

Updated : Jun 7, 2021, 4:25 PM IST

গুৱাহাটী,7 জুন : অলপতে ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধীৰ বাবে ত্ৰাস সৃষ্টিকাৰী আৰক্ষী বিষয়া হিচাপে জনপ্ৰিয় হৈ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

এই সন্দৰ্ভত এক টুইটযোগে ডেকাই লিখিছে যে, ‘‘নগাঁৱৰ বৰ্তমানৰ আৰক্ষী অধীক্ষকগৰাকীৰ ভাৱমূৰ্তি কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্ট । ধুবুৰী আৰক্ষী অধীক্ষক হিচাপে তেওঁৰ কাৰ্যকালৰ সঠিক অনুসন্ধানৰ প্ৰয়োজন আৰু ই বহু কথা প্ৰকাশ কৰিব । বহু তথ্য পোহৰলৈ আহিবৰ বাবে বাবে এই মূহুৰ্তত NIA-ৰ তদন্তৰ প্ৰয়োজন’’ ৷

  • The image of the present SP, Nagaon is synthetic and media generated. A proper enquiry of his tenure as Dhubri SP is required and it will reveal many things. NIA investigation is the need of the hour.@himantabiswa @assampolice

    — Ramen Deka (@ramendeka16) June 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সম্প্ৰতি অসুস্থ হৈ থকা বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে এই সন্দৰ্ভত ইটিভি ভাৰতক টেলিফোনযোগে কয়, ‘‘মই টুইট কৰা কথাখিনি সত্য নে অসত্য সেয়া অনুসন্ধান কৰিলেই ওলাই পৰিব । ছিণ্ডিকেট চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত অলপতে ধুবুৰীৰ যিগৰাকী ডিএছপিক গ্ৰেপ্তাৰ কৰা হ’ল, তেওঁৰ কথা কি আনন্দ মিশ্ৰই ধুবুৰীৰ SP হৈ থাকোতে জনা নাছিল নেকি ? জানিছিল । তথাপিও কিয় একো ব্যৱস্থা লোৱা নাছিল ? এই সকলোবোৰ কথা পোহৰলৈ আহিব লাগে’’ ।

উল্লেখ্য যে, আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী আৰক্ষীয়ে সীমন্ত শাখাত নিয়োজিত যতীন দাস নামৰ উপ আৰক্ষী অধীক্ষকগৰাকীক ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সৈতে মিলি ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল । তাৰ পাচতে ছ’চিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থকা ধুবুৰীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক একাংশই প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই সন্দেহৰ দৃষ্টিৰে কটাক্ষ কৰাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : কাকীবাসীৰ উচ্ছেদক লৈ কলগাছিয়াত আমছুৰ প্ৰতিবাদ

Last Updated : Jun 7, 2021, 4:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.