ETV Bharat / state

হিতাধিকাৰী বেয়া পোৱা মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টিত নামিল কিয় !

author img

By

Published : Jul 17, 2021, 8:47 PM IST

শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰাৰ পাছৰে পৰা বাজেটখনক লৈ ৰাজ্যজুৰি অব্যাহত আছে সৰৱ চৰ্চা ৷ ইয়াৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুছেইনে কঠোৰ সমালোচনা কৰিছে অসম চৰকাৰক ৷

former-minister-rakibul-hussain-calls-assam-govt-as-confused
বিজেপি নেতৃত্বাধীন অসম চৰকাৰক "কনফিউজড" আখ্যা ৰকিবুল হুছেইনৰ

গুৱাহাটী, ১৭ জুলাই : বহু উৎকণ্ঠাৰ অন্ত পেলাই শুকুৰবাৰে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে অসম বাজেট 2021-22 ৷ ইয়াৰ পাছতে বাজেটখনক লৈ ৰাজ্যজুৰি চলিছে সৰৱ চৰ্চা ৷ একাংশই এই বাজেটক লৈ সুখী যদিও একাংশ বিৰোধী তথা সচেতন লোকে বাজেটক লৈ সৰৱ হৈ পৰিছে ৷ ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীত বাজেট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷

সংবাদমেলত অসম চৰকাৰক কঠোৰ সমালোচনা কৰি চৰকাৰখনক "কনফিউজড" চৰকাৰ আখ্যা দিছে চামগুৰি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷ বৰ্তমান দিছপুৰত বহি থকা চৰকাৰখন আচলতে "কনফিউজড" বুলি মন্তব্য কৰি তেওঁলোকে কি কৰিছে নিজেই ধৰিব পৰা নাই বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ লগতে পূৰ্বৰ বাজেটত হিতাধিকাৰী সৃষ্টিত বিশ্বাস নকৰো বুলি স্পষ্টভাৱে উল্লেখ কৰা তেতিয়াৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান লাখ লাখ হিতাধিকাৰী সৃষ্টিত মনোনিৱেশ কৰিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

সংবাদমেলত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া পূৰ্বৰ বিজেপি চৰকাৰখনৰ কাৰ্যকালত প্ৰথমখন বাজেট দাখিল কৰিছিল, তেতিয়া বাজেট ভাষণত উল্লেখ কৰিছিল যে কংগ্ৰেছ চৰকাৰে মহিলাসকলক সূতা দি হিতাধিকাৰীৰ সৃষ্টি কৰিছিল ৷

তেওঁলোকৰ চৰকাৰে হিতাধিকাৰী সৃষ্টিত বিশ্বাস নকৰে । ইয়াৰ সমৰ্থনত ড1 হিমন্ত বিশ্ব শৰ্মাই চাণক্যৰ এক উক্তি আওৰাইছিল ৷ কিন্তু সেই একেজন মানুহেই এতিয়া লাখ লাখ হিতাধিকাৰী সৃষ্টিত মনোনিৱেশ কৰিছে ৷

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, "বিজেপি চৰকাৰ প্ৰথমবাৰ শাসনত বহিয়েই ঘোষণা কৰিছিল যে বিদায়ী মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বোলে 10 হাজাৰ কোটি টকা ধাৰৰ বোজা চৰকাৰখনৰ ওপৰত দি থৈ গ'ল ৷ ইয়াৰ কেইদিনমানৰ পিছতে পুনৰ তেওঁলোকে ক'লে যে, গগৈ চৰকাৰে বোলে 9 হাজাৰ কোটি টকা ৰাজকোষত জমা থৈ গৈছে ৷ গতিকে ৰাইজেই বুজক তেওঁলোক "কনফিউজড" হয় নে নহয়"৷

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, "সৰ্বানন্দ সোণোৱাল চৰকাৰে 167.78 কোটি টকা ব্যয়েৰে 20,21,5000 গৰাকী হিতাধিকাৰীৰ সৃষ্টি কৰিছিল ৷ বৰ্তমানৰ চৰকাৰখনে পুনৰ 6.36 লাখ নতুন হিতাধিকাৰী সৃষ্টি কৰা হ'ব বুলি বাজেটত ঘোষণা কৰিছে ৷ এইখন চৰকাৰে আচলতে লক্ষ্যহীন দৃষ্টিৰে আগবাঢ়িছে" ৷ সংবাদমেলৰ জৰিয়তে ৰকিবুল হুছেইনৰ প্ৰশ্ন- পূৰ্বৰ বাজেটত তেওঁলোকে ঘোষণা কৰিছিল যে, অসমৰ 26 হাজাৰখন গাঁৱলৈ এক কোটিকৈ টকা আগবঢ়াব ৷ সেই ঘোষণা কি হ'ল ?

লগতে পঢ়কঃ সৰিয়হৰ ডুলিত ভূত: সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.