ETV Bharat / state

৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ'ব ৩ ডিচেম্বৰত ৷ এই মাংগলিক অনুষ্ঠানত ভাগ ল'ব পাচ সহস্ৰাধিক গুণমুগ্ধই ৷ অসম সচিবালয়ৰ পাৰ্কিং চৌহদত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷

more-than-five-thousand-devotees-will-participate-in-the-inauguration-of-the-beloved-leader
৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ
author img

By

Published : Nov 30, 2020, 5:10 PM IST

কামৰূপ মেট্ট, ৩০ নৱেম্বৰ: ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ । গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত আয়োজন কৰা হৈছে এক মাংগলিক অনুষ্ঠানৰ । চৰকাৰী বাসগৃহৰ সমীপতে থকা অসম সচিবালয়ৰ পাৰ্কিং চৌহদত অতিথি আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ আদি ব্যৱস্থা কৰা হৈছে । প্ৰিয় নেতাজনক শেষবাৰৰ বাবে চাবলৈ, শেষবাৰৰ বাবে নশ্বৰ দেহত এপাহ ফুল দিবলৈ যেনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ আগমণ ঘটিছিল,ঠিক তেনেদৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহলৈ বৰ্তমানেও আগমণ ঘটি আছে অসংখ্য গুণমুগ্ধৰ ৷

৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

ইফালে, সংবাদ মাধ্যমৰ জৰিয়তে প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলী গগৈ আৰু সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে তেওঁলোকৰ দুখৰ সমভাগী হৈ এষাৰ মাত দিবলৈ অহা প্ৰতিজনকে সেৱা জনাইছে ধন্যবাদ জনায় ।

আনহাতে, প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ সৈতে শেষ মুহূৰ্ততলৈকে ছাঁৰ দৰে লাগি থকা তেখেতৰ ব্যক্তিগত সহায়ক উদিত ভানু দাসে আদ্যশ্ৰাদ্ধৰ আয়োজন সন্দৰ্ভত আজি ইটিভি ভাৰতক কয় যে, প্ৰায় পাঁচ হাজাৰ গুণমুগ্ধৰ উপস্থিতিৰে আয়োজন কৰা হ'ব আদ্যশ্ৰাদ্ধ ৷

অন্য এক খবৰৰ বাবে: ক'ভিড-19ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.