ETV Bharat / state

Forest destroyed in Assam: উন্নয়নৰ নামত বলি দিয়া হ’ব 16 হাজাৰৰো অধিক শাল গছ - Boko

উন্নয়ন বনাম প্ৰকৃতি ধ্বংসই চূড়ান্ত ৰূপ পাইছে অসমত ৷ কাটি পেলোৱা হৈছে হাজাৰ হাজাৰ শাল গছ ৷ গছ কটা যন্ত্ৰৰ কৰ্কশ শব্দই এতিয়া বিৰাজ কৰিছে এখন শাল গছৰ বনানীত ৷ গুৱাহাটী-বকো-গোৱালপাৰালৈ যাওঁতে দেখা নাপাব পথৰ দুয়োকাষৰ শাল গছৰ সেউজ বনানী ৷

Forest destroyed in Assam
উন্নয়নৰ নামত বলি দিয়া হ’ব 16 হাজাৰৰো অধিক শাল গছ
author img

By

Published : Jul 7, 2023, 7:12 PM IST

Updated : Jul 7, 2023, 9:35 PM IST

উন্নয়নৰ নামত বলি দিয়া হ’ব 16 হাজাৰৰো অধিক শাল গছ

গুৱাহাটী,৭ জুলাই:উন্নয়ন বনাম প্ৰকৃতি ধ্বংসই চূড়ান্ত ৰূপ পাইছে অসমত ৷ এইখন অসমতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কাটি পেলোৱা হৈছে হাজাৰ হাজাৰ শাল গছ । কাটি পেলোৱা হ’ব প্ৰায় হাজাৰ হাজাৰ বিভিন্ন প্ৰজাতিৰ গছ ৷ গছ কটা যন্ত্ৰৰ কৰ্কশ শব্দই এতিয়া বিৰাজ কৰিছে এখন শাল গছৰ বনানীত । মুহূৰ্ততে চোকা যান্ত্ৰিক কৰতৰ হাঁতোৰাত ঢলি পৰিছে ক্ৰমাৎ লহপহকৈ বাঢ়ি অহা একোজোপা শালগছৰ পুলি ৷

আপুনি হয়তো আৰু দেখা নাপাব গুৱাহাটী, বকোৰ দিশৰ পৰা গোৱালপাৰাৰ দিশলৈ যাওঁতে পথৰ দুয়োকাষে দেখা পোৱা হৃদয় জুৰাই যোৱা সেই শাল গছৰ সেউজ বনানী ৷ কাৰণ কৃষ্ণাইৰ সমীপত থকা হৃদয় জুৰাই যোৱা সেই শাল গছৰ সেউজ বনানী কাটি তহিলং কৰিছে চৰকাৰী বিভাগে ৷ ৰাষ্ট্ৰীয় ঘাইপথটো বহলাই চাৰিলেনলৈ সম্প্ৰসাৰিত কৰিবৰ বাবে এতিয়ালৈ কাটি পেলোৱা হৈছে পথটিৰ দুয়ো কাষৰ হাজাৰোধিক শাল গছৰ পুলি।

১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটি চাৰি লেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ নামত গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেলা আৰু শালপাৰা বৰঝাৰত কাটিবলৈ আৰম্ভ কৰা হৈছে হাজাৰ হাজাৰ শাল গছ । বন বিভাগৰ ভিতৰুৱা তথ্য অনুসৰি কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰঝাৰত প্ৰায় আঠ হাজাৰ শাল গছ কাটি পেলোৱা হ’ব । আনহাতে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলতো প্ৰায় চাৰে আঠ হাজাৰ শাল গছ কটা যাব ।

এইদৰে মুঠ প্ৰায় ১৬,৫০০ শাল গছ কটা যোৱাৰ সম্ভাৱনা এই অঞ্চলটোত । এই বনধ্বংসক লৈ প্ৰকৃতি প্ৰেমী লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বনাঞ্চল সমূহ কাটি ধ্বংস কৰাৰ ফলত গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ শংকা প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী লোকসকলে ।

সেয়ে চৰকাৰৰ এই বৃক্ষ ধ্বংস কাৰ্যক গৰিহণা দিছে স্থানীয় প্ৰকৃতি প্ৰেমীয়ে ৷ চৰকাৰৰ ওচৰত দাবী জনাইছে গছবোৰ নকটাকৈ বিকল্প ব্যৱস্থাৰে সংৰক্ষণ কৰিবৰ বাবে ৷ বৰ্তমান প্ৰযুক্তি শিখৰমুখী অৱস্থাত থকাৰ সময়ত এইদৰে আটাইতকৈ সহজ আৰু ধ্বংসাত্মক উপায়েৰে গছ কাটি পেলোৱাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ এই গছবোৰ কাটি পেলোৱাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ সহায়ত খান্দি নি আন ঠাইত ৰোপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে প্ৰকৃতি প্ৰেমী আৰু সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক:Drugs Seized in Guwahati: ড্ৰাগছ বিৰোধী অভিযানত 2.532 কিঃগ্ৰাঃ নিষিদ্ধ হেৰ’ইনৰ লগতে আটক তিনি

Last Updated : Jul 7, 2023, 9:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.