ETV Bharat / state

প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা

নীলাচলৰ বুকুত এইবাৰ অনুষ্ঠিত নহয় অম্বুবাচী মেলা ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাই জোকাৰী গৈছে মা কামাখ্যা ধাম ৷ হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা নীলাচলৰ বুকু শুদা কৰি কেৱল মন্দিৰৰ সদস্য তথা পুৰোহিত সকলে পৰম্পৰা ৰক্ষা কৰি পালন কৰিব অম্বুবাচী মেলা ৷

author img

By

Published : Apr 23, 2020, 8:49 PM IST

প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা
প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা

গুৱাহাটী, 23 এপ্ৰিলঃ মা কামাখ্যাৰ ভক্তসকলৰ বাবে এটা দুখবৰ ৷ প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধাম উকা হৈ ৰ'ব এইবাৰ ৷ কিয়নো মাৰাত্মক কৰ'ণা ভাইৰাছৰ বাবে অনুষ্ঠিত নহয় মহা অম্বুবাচী মেলা ৷ কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিন্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই । অম্বুবাচী মেলা বুলি ক'লেই দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় মা কামাখ্যা ধামত ৷

মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা

পৰম্পৰা অনুসৰি আহাৰ মাহৰ মৃগ শিৰা নক্ষত্ৰৰ চতুৰ্থ পাদৰ পৰা অনুষ্ঠিত হয় এই মেলা। অতি জাকজমকতাৰে অনুষ্ঠিত কৰা হয় অম্বুবাচী মেলা। য'ত দেশ বিদেশৰ লাখ লাখ লোকৰ সমাগম ঘটে। কিন্তু এইবাৰ পৰিস্থিতি সুকীয়া । কাৰণ কৰ'ণাই বিশ্বজুৰি চলোৱা সংহাৰী ৰূপৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। কেৱল ধৰ্মীয় ৰীতি নীতিহে পালন কৰিব মন্দিৰৰ সদস্য সকলে। ইফালে কামাখ্যা মন্দিৰৰ সমীপত কোনো লোককে ভাড়া নিদিবলৈও মন্দিৰ কৰ্তৃপক্ষই নিৰ্দেশ দিছে । ইতিমধ্যেই এই সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে জিলা উপায়ুক্ত আৰু বিভাগীয় মন্ত্ৰীক। উল্লেখযোগ্য যে অসম আন্দোলনৰ সেই সময়ৰ পিছত দ্বিতীয়বাৰৰ বাবে কামাখ্যা মন্দিৰত জাক জমকতাৰে অনুষ্ঠিত নহ'ব মহা অম্বুবাচী মেলা।

লগতে চাওকঃ চৰাইদেউ আৰক্ষীৰ অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ পাঁচ আলফা সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.