ETV Bharat / state

যিকোনো মূহুৰ্তত জলমগ্ন হ'ব পাৰে অনিল নগৰ-নবীন নগৰ

author img

By

Published : Jun 26, 2020, 8:41 PM IST

ভৰলুৰ বৰ্ধিত জলস্তৰৰ চাপত গাৰ্ড ৱাল ভঙাৰ উপক্ৰম হৈছে এজাক বৰষুণতে কৃত্ৰিম বানে প্লাৱিত কৰা অনিল নগৰ, নবীন নগৰ অঞ্চলত ৷ যাৰ লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চল দুটাৰ বাসিন্দা ৷

flood-situation-worsens-in-guwahati
flood-situation-worsens-in-guwahati

গুৱাহাটী, 26 জুন : ভৰলু নৈৰ বাঢ়নী পানীয়ে শংকা নমাই আনিছে মহানগৰীৰ অনিল নগৰ, নবীন নগৰলৈ ৷ ইতিমধ্যেই নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানে বুৰাইছে মহানগৰীৰ ওদালবাক্ৰা, কাহিলীপাৰা, আমবাৰীকে ধৰি ভিন্ন অঞ্চল ৷ তাৰ মাজতেই এতিয়া ভৰলু নৈৰ পানীৰ চাপত গাৰ্ডৱাল ভঙাৰ উপক্ৰম হৈছে এজাক বৰষুণতে কৃত্ৰিম বানে প্লাৱিত কৰা অনিল নগৰ, নবীন নগৰ অঞ্চলত ৷ যাৰ বাবে অঞ্চল দুটাক লোক শংকিত হৈ পৰাৰ লগতে, অঞ্চলকেইটাত ভাৰাতীয়া হিচাপে থকা বহু লোকে ইতিমধ্যে খালী কৰিছে তেওঁলোকৰ ভাড়াঘৰ ৷

কৃত্ৰিম বানৰ কবলত মহানগৰবাসী
কৃত্ৰিম বানৰ কবলত মহানগৰবাসী

ইতিমধ্যেই পানীৰ চাপত গাৰ্ডৱালৰ বহু অংশ ভগাৰ লগতে, সেই ভগ্ন অংশৰে পানী সোমাইছে অঞ্চল দুটাত ৷ উল্লেখ্য যে, শুকুৰবাৰে দিনৰ ভাগতে বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে ৷ আনহাতে বিগত কেইদিনমান ধৰি হৈ থকা বৰষুণৰ ফলত কৃত্ৰিম বানেও বুৰাইছে মহানগৰবাসীক ৷ তাৰ মাজতেই ভৰলু নৈয়ে ধাৰণ কৰিছে এনে সংহাৰী ৰূপ ৷

ভৰলুৰ পানীৰ চাপত গাৰ্ডৱাল ভঙাৰ উপক্ৰম অনিল নগৰ,নবীন নগৰত

সম্প্ৰতি বানৰ কবলত স্তব্ধ হৈ পৰিছে মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ স্থানীয় ৰাইজে চৰকাৰলৈ ক্ষোভ প্ৰদৰ্শন কৰি কয়, যিমান সৌন্দৰ্যবৰ্ধন কৰিলেও, যদি কৃত্ৰিম বানৰ সমস্যা মহানগৰীত ৰোধ কৰিব নোৱাৰে, তেন্তে গুৱাহাটী কেতিয়াও স্মাৰ্ট চিটী হিচাপে পৰিগণিত হ'ব নোৱাৰে ৷ 1988 চনতে নিৰ্মাণ হোৱা গাৰ্ডৱাল খন মেৰামতিৰ বিষয়ে স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও, আদি পৰ্যন্ত এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ লোকে বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়কঃ বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.