নিউজ ডেস্ক, 22 জুলাই : অসম দূৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘন্টাৰ তথ্য অনুসৰি, বৰ্তমান অসমত 27 খন জিলা বানৰ কবলত আছে ৷ আনহাতে, 71 টা ৰাজহ চক্ৰৰ প্ৰায় 2,370 খন গাঁও আক্ৰান্ত হৈ আছে বানত ৷ প্ৰায় 1,16,939.69 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ৷
যোৱা 24 ঘন্টাত এজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, 26,37,513 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ সৰ্বমুঠ 294 টা আশ্ৰয় শিবিৰত বাস কৰি আছে 47,772 গৰাকী লোকে ৷
বৰ্তমানেও শোণিতপুৰ, যোৰহাট, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা আদি জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷
লগতে পঢ়ক : ইৰান সম্পৰ্কত আমেৰিকাৰ সন্মুখত শিৰনত নহওঁ- ভাৰতীয় দূতাবাস