ETV Bharat / state

মাছৰ নিধন যজ্ঞঃ অন্তৰালত এচাম মাছমৰীয়া

author img

By

Published : Jul 5, 2019, 10:03 PM IST

মীন বিভাগৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুওৱা মাছমৰীয়াৰ বিৰুদ্ধে অভিযানত নামিছে মীন বিভাগ ৷

মাছৰ নিধন যজ্ঞঃ অন্তৰালত এচাম মাছমৰীয়া

গুৱাহাটী, 5জুনঃ বিভিন্ন সময়ত সংবাদ মাধ্যমত ৰাজ্যত কণী থকা মাছৰ মুক্ত বিক্ৰীৰ সংবাদ প্ৰচাৰ হৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে কণী থকা মাছৰ নিধন যজ্ঞ ।শুকুৰবাৰে ৰাজ্যিক মীন বিভাগে এক গোপন তথ্যৰ আধাৰত অমিনগাঁও ঘটাত অভিযান চলাই মাছ মাৰি থকা বহু কেইজন মাছমৰীয়াক আটক কৰে মীন বিভাগে ৷ সবিশেষ এই প্ৰতিবেদনত...

মাছৰ নিধন যজ্ঞঃ অন্তৰালত এচাম মাছমৰীয়া

গুৱাহাটী, 5জুনঃ বিভিন্ন সময়ত সংবাদ মাধ্যমত ৰাজ্যত কণী থকা মাছৰ মুক্ত বিক্ৰীৰ সংবাদ প্ৰচাৰ হৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে কণী থকা মাছৰ নিধন যজ্ঞ ।শুকুৰবাৰে ৰাজ্যিক মীন বিভাগে এক গোপন তথ্যৰ আধাৰত অমিনগাঁও ঘটাত অভিযান চলাই মাছ মাৰি থকা বহু কেইজন মাছমৰীয়াক আটক কৰে মীন বিভাগে ৷ সবিশেষ এই প্ৰতিবেদনত...

মাছৰ নিধন যজ্ঞঃ অন্তৰালত এচাম মাছমৰীয়া
Intro:মহানগৰীৰ অমিনগাঁও ঘাটত মীন বিভাগৰ অভিযান। শুকুৰবাৰে পুৱাৰ ভাগত মীন উন্নয়ন বিষয়া আনিষা শৰ্মাৰ নেতৃত্বত চলা অভিযানত মীন বিভাগে জব্দ কৰিলে কেইবাটাও মাছ ধৰা জাল।

Body:এপ্ৰিল মাহৰ প্ৰথম ভাগৰ পৰা জুলাই মাহৰ মধ্য লৈকে মাছৰ কণীৰ পৰা পোৱালী জগোৱাৰ সময় হোৱাৰ বাবে মীন বিভাগে এই সময়খিনিত জলাশয়, বিল আৰু নদীত মাছ ধৰা নিষিদ্ধ কৰিছে যদিও কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে নিষেধাগ্য থকাৰ পিছতো চোৰাং বাবে মাছ ধৰি বজাৰত বিক্ৰী কৰি আহিছে।

ৰাজ্যৰ ভিতৰুৱা অঞ্চল সমূহত কণী থকা মাছৰ মুক্ত বিক্ৰীৰ সংবাদ বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে মহানগৰীতে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে কণী থকা মাছৰ নিধনযজ্ঞ। শুকুৰবাৰে ৰাজ্যকি মীন বিভাগে এক গোপন তথ্যৰ খবৰৰ আধাৰত মহানগৰীৰ অমিনগাঁও ঘটাত অভিযান চলাই ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰি থকা অৱস্থাত কেইবাগৰাকী মাছ মৰীয়াক প্ৰত্যক্ষ কৰে। মীন বিভাগে কামৰূপ জিলা মীন উন্নয়ন বিষয়া আনিষা শৰ্মাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰত মাছ ধৰি থকা মাছ মৰীয়া সকলৰ কবলৰ পৰা প্ৰায় ১৩টাকৈ মাছ ধৰা জাল উদ্ধাৰ কৰি জাল কেইটা জব্দ কৰে। এপ্ৰিলৰ পৰা জুলাই মাহৰ মধ্য ভাগলৈ মাছৰ কণী পৰা সময়ত মাছৰ অবৈধ চিকাৰৰ ফলত দিনক দিনে ৰাজ্যৰ বিল আৰু নদী সমূহত মাছৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে।

বাইট: আনিষা শৰ্মা
মীন উন্নয়ন বিষয়া
Conclusion:ৰাজ্যকি মীন বিভাগে মাছ কণী দিয়াৰ সময়ত মাছ নধৰিবলৈ মাছ মৰীয়া সকলক আহ্বান জনাই অহাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্য অনুষ্ঠিত কৰি আহিছে যদিও কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে ধনৰ লোভত এই সময়ত মাছৰ নিধনযজ্ঞ অব্যহত ৰাখিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.