ETV Bharat / state

অসমৰ 126 টা বিধানসভা সমষ্টিৰ প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ - Assam total female voters

শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে প্ৰকাশ কৰিলে অসমৰ 126 টা বিধানসভা সমষ্টিৰ প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা ৷ চূড়ান্ত ভোটাৰ তালিকা 2024 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ 'ব ।

consolidated draft voter list of Assam 2024
Assam Constituency delimitation
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:46 PM IST

অসমৰ 126 টা বিধানসভা সমষ্টিৰ প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা

গুৱাহাটী, ৮ ডিচেম্বৰ: ‌ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত শুকুৰবাৰে অসমৰ 126 টা বিধানসভা সমষ্টিৰ বাবে প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত এখন‌ সংবাদমেলত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে চূড়ান্ত ভোটাৰ তালিকা 2024 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ 'ব ।

তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটাৰসকলৰ সমষ্টি আৰু ভোটদান কেন্দ্ৰ সলনি হৈছে ৷ কিন্তু তেওঁলোকৰ ভোট সলনি হোৱা নাই ।

শেহতীয়া খচৰা ভোটাৰ তালিকা অনুসৰি অসমৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,43,02,460 গৰাকী । ইয়াৰে 1,22,12,483 জন পুৰুষ; 1,20,89,569 গৰাকী মহিলা আৰু 408 গৰাকী তৃতীয় লিংগৰ ভোটাৰ । তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যখনত মুঠ ভোটদান কেন্দ্ৰৰ সংখ্যাও 28,205 ৰ পৰা 28,645 লৈ বৃদ্ধি পাইছে । ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা 1,90,717 (0.8%) বৃদ্ধি পাইছে ।

তেওঁ লগতে কয় যে ভোটাৰ তালিকাত লিংগৰ অনুপাত 1000 পুৰুষ ভোটাৰৰ বিপৰীতে 990 মহিলা হোৱা দেখা গৈছে । আনহাতে ৰাজ্যখনৰ জনসংখ্যাৰ লিংগ অনুপাত হৈছে 1000 পুৰুষৰ বিপৰীতে 958 গৰাকী মহিলা ।

তেওঁ কয় যে 01 01 2024 তাৰিখলৈকে 18 বছৰ বয়স হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ নাম ভোটাৰ ৰোলত পঞ্জীয়নৰ বাবে অনলাইনত https://voters.eci.gov.in/প 'ৰ্টেল বা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে আবেদন কৰিব পাৰিব বা তেওঁলোকৰ নিজ নিজ ভোট কেন্দ্ৰৰ বুথ লেভেল অফিচাৰ (বিএলঅ') ৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যৰ 28,645 টা ভোট কেন্দ্ৰত ফটো ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু তালিকাখন অসমৰ সকলো স্বীকৃত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.