ETV Bharat / state

মঙলবাৰে হিমন্ত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৪ জনীয়া কেবিনেটৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । প্ৰথম কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ব ক'ভিডৰ জটিল পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি তাৰ উপায় নিৰ্ণয় কৰা ।

author img

By

Published : May 10, 2021, 4:44 PM IST

Updated : May 10, 2021, 8:09 PM IST

first cabinet meeting of assam government
মঙলবাৰে হিমন্ত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

গুৱাহাটী,১০ মে': কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱগঠিত চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক । সোমবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এখন সংবাদমেলত ভাগ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই । উল্লেখযোগ্য যে, ডঃ শৰ্মাৰ মন্ত্ৰীসভাৰ ১৪ গৰাকী কেবিনেট মন্ত্ৰীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে । শপত লোৱা মন্ত্ৰী কেইগৰাকী ক্ৰমে ৰণজিৎ দাস, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, যোগেন মহন, সঞ্জয় কিষাণ, বিমল বৰা, পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘাল ।

এই ১৪ জনীয়া কেবিনেটৰে প্ৰথমখন বৈঠক মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব । প্ৰথম কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ব ক'ভিডৰ জটিল পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি তাৰ উপায় নিৰ্ণয় কৰা । সোমবাৰৰ সংবাদমেলত এই কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

আগন্তুক দিনবিলাকত ক'ভিডৰ সৈতে মোকাবিলা কৰাৰ অন্যতম উপায় 'লক ডাউন'ৰ আশ্ৰয় ল'বলগীয়া হ'ব নেকি সেই সন্দৰ্ভতো মঙলবাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । আনহাতে, ৰাজ্য চৰকাৰৰ বৰ্তমানৰ বিত্তীয় স্থিতি দুৰ্বল নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আজিৰ তাৰিখত ৰাজকোষত সাত হাজাৰ কোটি টকা জমা আছে ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Last Updated : May 10, 2021, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.