ETV Bharat / state

মন্ত্রীসভাৰ প্ৰথমখন কেবিনেট বৈঠকে কি সিদ্ধান্ত ল'লে... - এন আৰ এলত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পাছত মঙলবাৰে সন্ধিয়া প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ প্ৰতি সপ্তাহৰ বুধবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । এক লাখ চাকৰি আৰু মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ সম্পৰ্কীয় প্ৰতিশ্ৰুতি পূৰণৰ বাবে দুখন কমিটি গঠন ৷ এন আৰ এলত চৰকাৰে বিনিয়োগ কৰিব ২৬ শতাংশ পুঁজি ৷

first cabinet meeting in guwahati
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাৰ প্ৰথমখন কেবিনেট বৈঠকে কি কি সিদ্ধান্ত ল'লে
author img

By

Published : May 11, 2021, 10:54 PM IST

গুৱাহাটী,১১ মে': মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পাছত মঙলবাৰে সন্ধিয়া প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় । দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই । কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰতি সপ্তাহৰ বুধবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।

আনহাতে, কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰাৰ বাবে আজি কেবিনেটত কেবিনেটৰ মুখপাত্ৰ হিচাপে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী পীযুষ হাজৰিকাক নিযুক্তি দিয়া হয় । লগতে ৰাজ্যিক বিজেপিৰ বিধায়িনী দলৰ দলপতি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিবৰূপে নিযুক্তি দিয়া জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰিব পাৰিব । কেবিনেটত মুলতঃ বৰ্তমানৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় । এইক্ষেত্ৰত ক'ভিড সম্পৰ্কীয় কাৰ্যকৰী দিশ সন্দৰ্ভত বুধবাৰে দিনৰ ১১ বজাত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেল যোগে সবিশেষ সদৰী কৰিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰত্যেকজন মন্ত্ৰীক ন্যুনতম দুখন জিলাৰ দায়িত্ব প্ৰদান কৰা হ'ব । জিলাৰ দায়িত্ব পোৱাৰ পাছতে মন্ত্ৰীসকলে উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ সহযোগত ক'ভিডৰ সকলো কথা পৰ্যালোচনা কৰিব আৰু তিনিদিনৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

আনহাতে, বুধবাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰা ক'ভিড সম্পৰ্কীয় ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ ১৫ দিন পাছতো যদি পৰিস্থিতি ভাল নহয় তেন্তে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে কেবিনেটে এটা অৰ্থনৈতিক পেকেজ প্ৰস্তুত কৰিব । আনহাতে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ ক্ষেত্ৰত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এখন চাৰিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে ৷ এমাহৰ ভিতৰত এই কমিটিয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । সেইদৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে এই দিশত সকলো দিশ পৰ্যালোচনা কৰি খতিয়ান দিয়াৰ বাবে মন্ত্ৰী অশোকানন্দ সিংঘলৰ অধ্যক্ষতাত তিনিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে । ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত প্ৰতিবেদন দিয়াৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

আনহাতে, চৰকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে এন আৰ এলত চৰকাৰে বিনিয়োগ কৰিব ২৬ শতাংশ পুঁজি । এন আৰ এলত পূৰ্বে চৰকাৰৰ শ্বেয়াৰ আছিল ১২.৩৫ শতাংশ । বৰ্ধিত শ্বেয়াৰৰ বাবে চৰকাৰে এন আৰ এলক দিবলগীয়া ২,১৮৭ কোটি টকাৰ ৫০০ কোটি টকা ইতিমধ্যে দিয়া হৈছে । বাকী থকা ১৬৮৭ কোটি টকা মোকোলাই দিয়াৰ বাবে বিত্ত বিভাগক নিৰ্দেশ দিয়া হৈছে । এই বিনিয়োগৰ যোগেদি চৰকাৰে বছৰি ৯০০ কোটি টকা ৰাজহ লাভ কৰিব । উল্লেখ্য যে, অসমত সম্পূৰ্ণ লক ডাউনৰ কোনো সিদ্ধান্ত কেবিনেটে লোৱা নাই বুলি উল্লেখ কৰি মন্ত্রী কেশৱ মহন্তই কয় যে বুধবাৰে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ক'ভিড সম্পৰ্কে কিছু কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিব ।

লগতে পঢ়ক : বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.