ETV Bharat / state

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ : থাপনাৰ চাকিৰ পৰা ভয়ানক অগ্নিকাণ্ড - অগ্নিনিৰ্বাপক বাহিনী

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ দৰেই ঘটনা সংঘটিত হ’ল মহানগৰীত ৷ থাপনাৰ চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল মহানগৰীৰ 2 নং মঠঘৰীয়া বিদ্যালয় পথত ৷

fire-incident-in-mathgharia-guwahati
ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ : থাপনাৰ চাকিৰ পৰা ভয়ানক অগ্নিকাণ্ড
author img

By

Published : Nov 2, 2021, 10:27 PM IST

গুৱাহাটী, 2অক্টোবৰ : মহানগৰীৰ 2 নং মঠঘৰীয়া বিদ্যালয় পথত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত বিদ্যালয় পথৰ হাউচ নং 3 ৰ প্ৰথম মহলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত ঘৰটোত থকা কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় ।

থাপনাৰ চাকিৰ পৰা ভয়ানক অগ্নিকাণ্ড

জানিব পৰা মতে ঊষা কলিতা নামৰ লোকজনৰ মালিকাধিন বাসগৃহটোত ভাৰতীয়া হিচাপে থকা উজ্জ্বল শইকীয়াৰ কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পিছত স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

অৱশ্যে, এই জুইৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো । ইফালে, আৰক্ষীৰ প্ৰাথমিক তদন্তত থাপনাৰ চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : অভিলেখ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰৰ বিধায়ক হ'ল ফণী তালুকদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.