ETV Bharat / state

SC ৰ নিৰ্দেশ উলংঘা:'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে আক্ৰোশমূলক আচৰণ জনসংযোগৰ - লাভলীনা বৰগোহাঁই

দেশৰ উচ্চতম ন্যায়ালয়ে আজিৰ পৰা ছয় বছৰৰ আগতেই খাৰিজ কৰা তথ্য-প্ৰযুক্তি আইন ২০০০ ৰ ধাৰা ৬৬ (এ) ৰ অধীনতে ৰাজ্যৰ জনসংযোগ বিভাগে আৰক্ষীক স্থানীয় এটা নিউজ পৰ্টেলৰ বিৰুদ্ধে গোচৰ লোৱাৰ বাবে হেঁচা দিছে ।‌‌ চৰকাৰী বিভাগ এটাৰ এনে কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।‌

FIR against the cross current
দ্য ক্ৰছ কাৰেন্টৰ বিৰুদ্ধে আক্ৰোশমূলক আচৰণ জনসংযোগৰ
author img

By

Published : Aug 7, 2021, 9:04 PM IST

Updated : Aug 7, 2021, 9:47 PM IST

গুৱাহাটী, ৭ আগষ্ট : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ফটো হৰ্ডিঙত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটোতকৈও ডাঙৰকৈ লগোৱাক লৈ সমালোচনা কৰি চৰকাৰৰ ৰোষত পৰি‌ছে 'দ্য ক্ৰছ কাৰেন্ট' (The Cross Current) নামৰ এটা নিউজ পৰ্টেল । অতি লক্ষণীয়ভাৱে এই পৰ্টেলটোৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইন ২০০০ ৰ ৬৬ (এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ‌ বাবে অসম আৰক্ষীক আৰ্জি দিছে ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে (Department of Information and Public Relations) ।

বিভাগটোৰ সঞ্চালক অনুপম চৌধুৰীয়ে স্থানীয় দিছপুৰ থানাত এই সন্দৰ্ভত 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে শুকুৰবাৰে এক এজাহাৰ দাখিল কৰিছে ।‌‌‌‌‌ এই ঘটনা সন্দৰ্ভত নিউজ পৰ্টেলটোৱে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, অসমীয়া ডিজিটেল সংবাদ মাধ্যম 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷

আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য-প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে আবেদন জনাইছে ৷

এজাহাৰখনত এইবুলিও কোৱা হৈছে যে 'দ্য ক্ৰছ কাৰেন্টে' উদ্দেশ্য প্ৰণোদিতভাৱে জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা (Pijush Hazarika) আৰু তথ্য আৰু জনসংযোগ বিভাগৰ ভাৱমূৰ্তি ম্লান কৰিব বিচাৰিছে ৷ চৰকাৰী বিভাগটোৰ এই অভিযোগ সন্দৰ্ভত 'দ্য ক্ৰছ কাৰেন্ট'ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কোনো মন্ত্ৰী বা কোনো বিভাগৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে 'দ্য ক্ৰছ কাৰেন্টে' বাতৰি পৰিৱেশন কৰা নাই ৷

'দ্য ক্ৰছ কাৰেন্টে' প্ৰশ্ন উত্থাপন কৰিছিল শেহতীয়াকৈ বিতৰ্কৰ আওতাত সোমাই পৰা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হৰ্ডিঙক লৈ ৷ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক (Lovlina Borgohain) শুভেচ্ছা জ্ঞাপন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ (Gopinath Bardoloi) প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পনেৰে বাটে পথে লগোৱা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হৰ্ডিং শেহতীয়াকৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৷

যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ ফটো ব্যৱহাৰ নকৰিবলৈ সকীয়নি পৰ্যন্ত দিবলগীয়া হৈছিল ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ আধাৰতে শুকুৰবাৰে প্ৰচাৰিত এটা বাতৰিত 'দ্য ক্ৰছ কাৰেন্টে' প্ৰশ্ন উত্থাপন কৰিছিল যে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে যদি এই হোৰ্ডিং সমূহ প্ৰচাৰ কৰা হৈছিল, তেনেহ'লে মুখ্যমন্ত্ৰীৰ এই সকিয়নী মন্ত্ৰী পীয়ুষ হাজৰিকালৈ নেকি ?

কিন্তু জনসংযোগ বিভাগে আজিও ৰাজহুৱা নকৰিলে যে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তিত আঘাত হানিব পৰা হৰ্ডিং প্ৰকৃততে কোনে প্ৰচাৰ কৰিছিল ৷ তাৰ সলনি উচ্চতম ন্যায়ালয়ে বাতিল কৰা ধাৰাত গোচৰ ৰুজু কৰাৰ আৰ্জিৰে 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ৷

আশ্চৰ্যজনক কথাটো হ'ল, তথ্য আৰু জনসংযোগ বিভাগে তথ্য-প্ৰযুক্তি আইন,২০০০ ৰ ৬৬ (এ) ধাৰাৰ অধীনত 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কৈছে ৷ কিন্তু তথ্য প্ৰযুক্তি আইনৰ উক্ত ধাৰাৰ ব্যাপক অপপ্ৰয়োগ প্ৰত্যক্ষ কৰি উচ্চতম ন্যায়ালয়ে ২০১৫ চনতে এই ধাৰা খাৰিজ কৰি থৈছে ৷ তাৰ পাছতো উক্ত ধাৰাৰ অধীনত গোচৰ ৰুজু হৈ থকা দেখি চলিত বৰ্ষৰ ৫ জুলাইত ন্যায়াধীশ আৰ এফ নাৰিমনৰ বিচাৰপীঠে আশ্চৰ্য প্ৰকাশ কৰিছিল ৷

ইয়াৰ পাছত ১৪ জুলাইত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ে সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰ প্ৰেৰণ কৰি তথ্য-প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু নকৰিবলৈ নিৰ্দেশ দিয়ে ৷ ২ আগষ্টত উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰি সকলো ৰাজ্যলৈ জাননী প্ৰেৰণ কৰে ৷

ইয়াৰ পাছতো অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কোৱাটো ন্যায়ালয়ৰ নিৰ্দেশৰ মুকলি উলংঘন ।

চৰকাৰী বিভাগ এটাৰ এনে কাৰ্যই ৰাজ্যৰ সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ‌মন কৰিবলগীয়া যে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগে প্ৰতি ক্ষেত্ৰতে নিউজ প'ৰ্টেলসমূহ আৰু তাৰ সাংবাদিকসকলৰ বিৰুদ্ধে আক্ৰোশমূলক ভূমিকা লৈ আহিছে । অন্যান্য ক্ষেত্ৰৰ দৰে সংবাদ মাধ্যম ডিজিটেলাইজেচন হোৱাৰ পিছতো এই নতুন নিউজ প'ৰ্টেলসমূহৰ ক্ষেত্ৰত বিভাগটোৱে কোনো নীতি নিৰ্ধাৰণ কৰিব পৰা‌ নাই ।‌‌

লগতে পঢ়ক :ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

Last Updated : Aug 7, 2021, 9:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.