ETV Bharat / state

অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ - গুৱাহাটী

অসাংবিধানিক মন্তব্য কৰাৰ লগতে বিচ্ছিন্নতাবাদী শক্তিক উৎসাহ যোগোৱাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে ৷ উচ্চ সদন আৰু নিম্ন সদনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰাটো অসাংবিধানিক আখ্যা

অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : Aug 10, 2019, 6:00 PM IST

গুৱাহাটী, 10 আগষ্ট : অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠন । অখিল ভাৰত হিন্দু মহাসভা নামৰ এটা সংগঠনে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । 370 অনুচ্ছেদ বাতিল কৰা সন্দৰ্ভত অসাংবিধানিক মন্তব্য কৰাৰ লগতে বিচ্ছিন্নতাবাদী শক্তিক উৎসাহ যোগোৱাৰ অভিযোগ কৃষক মুক্তিৰ নেতাগৰাকীৰ বিৰুদ্ধে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকাৰ মতে উচ্চ সদন আৰু নিম্ন সদনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰাটো অসংবিধানিক । অখিল গগৈয়ে শিৰ ফুলাই ফুলাই 370 ধাৰা সন্দৰ্ভত কৰা মন্তব্যই বিচ্ছিন্নতাবাদীক উৎসাহ যোগাব । এই অভিযোগ তুলি সংগঠনটোৱে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সংগঠনটোৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত অখিল গগৈৰ বিৰুদ্ধে 121/124(a)/294(a) ধাৰাত ৰুজু হৈছে গোচৰ ।

Intro:জম্মু-কাশ্মীৰ পৰা প্ৰত্যাহাৰ হ'ল ৩৭০ ধাৰা। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দিছিল বিভিন্নজনে। কিন্তু মোডী-শ্বাহৰ এই প্ৰস্তাৱত অসন্তুষ্টি প্ৰকাশ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে এই কাৰ্যক অগণতান্ত্ৰিক, অসংবিধানিক বুলি মন্তব্য কৰিছিল। এতিয়া অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠন।

Body:অখিল ভাৰত হিন্দু মহাসভা নামৰ এটা সংগঠনে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। সংগঠনটোৰ সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকাৰ মতে উচ্চ সদন আৰু নিম্ন সদনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰাটো অসংবিধানিক। অখিল গগৈয়ে শিৰ ফুলাই ফুলাই ৩৭০ ধাৰা সন্দৰ্ভত কৰা মন্তব্যই বিচ্ছিন্নতাবাদীক উৎসাহ যোগাব। এই অভিযোগ তুলি সংগঠনটোৱে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সংগঠনটোৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত অখিল গগৈৰ বিৰুদ্ধে 121/124(a)/294(a) ধাৰাত ৰুজু হৈছে গোচৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.