ETV Bharat / state

সোণবুলীয়া কমলা খেতিৰে গঢ়িছে কৃষি বিপ্লৱ - কমলা খেতিৰে গঢ়িছে কৃষি বিপ্লৱ

Self reliant by Orange Cultivation : কমলাৰ বাগান ৷ বাগানত লমালমে লাগি থকা কমলাৰ সোৱাদ বিচাৰি আহে দূৰ-দূৰণিৰ পৰ্যটক ৷ এই সোৱাদৰ বাবেই এই কমলাই বজাৰত দখল কৰিছে এক বিশেষ স্থান ৷

Self reliant by Orange Cultivation
বাগানত লমালমে লাগিছে কমলা
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:51 PM IST

বাগানত লমালমে লাগিছে কমলা

গুৱাহাটী, ২৬ ডিচেম্বৰ : প্ৰথমে সেউজীয়া, তাৰ পিচত লাহে লাহে সোণবুলীয়া ৷ আৰু এটা সময়ত সেই সোণোৱালী গছবোৰে সৃষ্টি কৰে এক নান্দনিক পৰিৱেশ ৷ যেন প্ৰতিজোপা গছতে ওলমি ওলমি থাকে অজশ্ৰ সৰু সৰু সোণৰ বল ! আপুনি চাগে ঠিকেই অনুমান কৰিব পাৰিছে- আমি কোনবিধ ৰসাল সোণোৱালী বলৰ কথা ক’বলৈ বিচাৰিছো ৷

বহু বাগানৰ মাজত এখন গাঁও ৷ যিখন গাঁৱৰ প্ৰতিখন বাগানতে লমালমে লাগিছে কমলা ৷ গাঁওখনৰ প্ৰতিটো পৰিয়ালৰে সৰু-বৰকৈ হ’লেও আছে একোখনকৈ কমলাৰ বাগান ৷ এই কমলা বাগানৰ বাবেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই গাঁওখন ৷

জিমিৰ গাঁও, গুৱাহাটীৰ পৰা প্ৰায় ৬০ কিল’মিটাৰ নিলগৰ তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তত আছে এই গাঁওখন । গাঁওখনত বাস কৰা ৯৮ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰে এবিঘাৰ পৰা ১০-১২ বিঘালৈকে আছে সৰু-বৰ কমলাৰ বাগান ৷ কমলা পকাৰ সময়ছোৱাত এই গাঁওখনলৈ অগণন পৰ্যটকৰ সোঁত বয় ।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু শাৰী শাৰীকৈ থকা কমলাৰ গছবোৰে পৰ্যটকক যেন গাঁওখনলৈ হাতবাউল দিহে মাতে । আপোনালোকে জানি আচৰিত হ’ব, কৃষি বিভাগৰ সুদৃষ্টি নপৰা জিমিৰ গাঁৱৰ কৃষকসকলে কমলা খেতিৰ জৰিয়তে আজি ‌স্বাৱলম্বী হৈছে । পাহাৰৰ এঢলীয়া মাটিত জিমিৰ গাঁৱৰ খেতিয়কসকলৰ আছে কমলাৰ বাগানসমূহ ।

নৱেম্বৰৰ পৰা জানুৱাৰীৰ শেষৰ ভাগলৈকে জিমিৰ গাঁৱত কমলাৰ উৎপাদন হয় । অৱশ্যে চলিত বৰ্ষত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে ইয়াৰ উৎপাদনো কম হৈছে । যাৰ ফলত এইবাৰ কমলাৰ দাম আন বছৰৰ তুলনাত বৃদ্ধি পাইছে ৷ জিমিৰ গাঁৱৰ প্ৰধান খেতিয়েই হৈছে কমলা ।

কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ নকৰাকৈয়ে জিমিৰ গাঁৱৰ খেতিয়কসকলে উৎপাদন কৰে হাজাৰ হাজাৰ সোণোৱালী সুমথিৰা । সেইমতে বজাৰত চাহিদাও আছে জিমিৰ গাঁৱৰ কমলাৰ ৷ জিমিৰ গাঁৱৰ কমলা বুলিলে বুলিবৰ নাই ৷ সোৱাদেই চাব নে তাৰ বৰণেই চাব ! সেয়ে জিমিৰৰ কমলা বজাৰত বিক্ৰীৰ কোনো সমস্যা নাই ।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এই সময়ছোৱাত জিমিৰ গাঁৱলৈ পৰ্যটক আহে কমলা বাগান চাবলৈ । পৰিতাপৰ কথা এয়াই যে চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষণকে ধৰি কিছু সা-সুবিধা খেতিয়কসকলক আগবঢ়োৱা হ’লেও তেওঁলোকে কিছু পৰিমাণে বৃদ্ধি কৰিব পাৰিলেহেতেন উৎপাদন ।

চৰকাৰী কোনো সহায়-সহযোগিতা অবিহনে গাঁঠিৰ ধন ভাঙি খেতিয়কসকলে যেন নীৰৱেই গঢ়ি তুলিছে কমলা খেতিৰে এক কৃষি বিপ্লৱ । অৱশ্যে কেতিয়াবা কোনো কোনো প্ৰাকৃতিক কাৰণত যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হয় বুলিও জানিবলৈ দিছে খেতিয়কসকলে ৷ সেয়ে চৰকাৰে এইক্ষেত্ৰত সহায় কৰিলে কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি আশাবাদী জিমিৰ গাঁৱৰ এইসকল কমলা খেতিয়ক ৷

লগতে পঢ়ক : হালধীয়া হৈ পৰিছে ধেমাজিৰ লেচিয়া নদীৰ দুয়োপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.