গুৱাহাটী,৩ ডিচেম্বৰ: স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা তথা জলবায়ু পৰিবৰ্তন বিভাগলৈ আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতি পৰ্যালোচনা কৰে । জনতা ভৱনত বিত্ত বিভাগৰ সভাকক্ষত শনিবাৰে সন্ধিয়া অনুষ্ঠিত বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে(Finance minister Ajanta Neog) তিনিওটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা বিভাগীয় বাজেট আৱণ্টনৰ সদ্যৱহাৰ আৰু বাজেট ঘোষণা কাৰ্য ৰূপায়ণৰ সবিশেষ খতিয়ান লয় ।

বাজেট আৱণ্টন ৰাশি পৰ্যালোচনাৰ এই গুৰুত্বপূৰ্ণ বৈঠকত বিত্তমন্ত্ৰী নেওগে স্বাস্থ্যমন্ত্ৰী মহন্তৰ(Health minister Keshab Mahanta) সহযোগিতাত স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটত সন্নিবিষ্ট নতুন চিকিৎসা মহাবিদ্যালয়সমূহ নিৰ্মাণৰ বাবে লোৱা ব্যৱস্থাৱলী, নতুন কৰ্কট চিকিৎসা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য, জাইকাৰ অধীনৰ ছখন চিকিৎসা মহাবিদ্যালয়ত নতুন ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিত বুজ লয় ।

তদুপৰি বিত্ত মন্ত্রীগৰাকীয়ে অসম চাহ নিগমৰ বাগিচাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপন, অত্যাধুনিক নাৰ্ছিং মহাবিদ্যালয়ৰ সৈতে নতুনকৈ দহখন জিলা চিকিৎসালয়ৰ নিৰ্মাণ, যোৰহাট-লখিমপুৰ-তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপন, দুধনৈ আৰু পলাশবাৰীত দুখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ৰাজ্যত আগন্তুক ৫ বছৰত ১০০০খন বুনিয়াদী চিকিৎসা কেন্দ্ৰ স্থাপন, চৰকাৰী কৰ্মচাৰী-পেন্সনাৰসকলৰ তথা নিৰ্ভৰশীল নিকটাত্মীয়ৰ বাবে চিকিৎসা সেৱাৰ সুশৃংখলিত ব্যৱস্থা প্ৰৱৰ্তনৰ দিশত অটল অমৃত অভিযান সমিতিৰ অধীনত তথ্য-প্ৰযুক্তি প'ৰ্টেলৰ প্ৰস্তুতি, স্নেহস্পৰ্শ আঁচনিৰ কাৰ্যৰূপায়ণ আদি বাজেট ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ বাবে এইপৰ্যন্ত বিভাগৰ ফালৰ পৰা লোৱা কাৰ্যব্যৱস্থা তথা বাজেটৰ সদ্যৱহাৰৰ বিতং ভাৱে বুজ লয় ।
একেদৰে বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বাজেট আৱণ্টন তথা ঘোষণাৰাজিৰো পৰ্যালোচনা কৰি বিত্তমন্ত্ৰী গৰাকীয়ে এই বৈঠকতে 'মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্মান আঁচনিৰ ৰূপায়ণ কাৰ্য, অসম মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু গুৱাহাটী বায়'টেক পাৰ্কৰ কাম কাজৰ অগ্ৰগতিৰো খতিয়ান লয় । বিত্তমন্ত্ৰী নেওগে স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা তথা জলবায়ু পৰিবৰ্তন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক বিভাগকেইটাৰ বাবে এইবাৰৰ বাজেটত আৱণ্টিত পুঁজি সময়মতে সম্পূৰ্ণ সদ্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা আগবঢ়ায় ।

তদুপৰি বিভাগকেইটাৰ বাবে অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ'লে বিধানসভাৰ আগন্তুক অধিবেশনত অনুমোদন ল'ব পৰাকৈ পৰিপূৰক দাবী মঞ্জুৰি প্ৰস্তাৱ শীঘ্ৰে বিত্ত বিভাগৰ ওচৰত দাখিলৰ বাবেও বিত্তমন্ত্ৰীগৰাকীয়ে বৈঠকত বিভাগকেইটাক পৰামৰ্শ দিয়ে । বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, বিত্ত বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰ, স্বাস্থ্য তথা চিকিৎসা শিক্ষা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, বিত্ত বিভাগৰ সচিব দিলীপ বৰা, বিজ্ঞান-প্ৰযুক্তি বিদ্যা তথা জলবায়ু পৰিবৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰী, স্বাস্থ্য বিভাগৰ সচিব বিনিতা দলে, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, অৰ্থনৈতিক পৰিক্ৰমা সঞ্চালক হেমন্ত কুমাৰ দেউৰী উপস্থিত থাকে ৷

বাজেট (বিত্ত)ৰ যুটীয়া সঞ্চালক তথা অসম আন্তঃগাঠনি বিত্তীয় প্ৰৱন্ধন প্ৰাধিকৰণ (আইফা)ৰ জ্যেষ্ঠ পৰামৰ্শদাতা প্ৰমোদ বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব মানস নাথ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰকে ধৰি বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল পৰ্যালোচনা সভাখনত ।