ETV Bharat / state

অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে - অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী

অসম বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে সদনৰ মজিয়াত ক্ষোভ প্ৰকাশ কৰি ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ মঙলবাৰে সদনত অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন সন্দৰ্ভত সদনত আলোচনাৰ বাবে অধ্যক্ষৰ পৰা সুযোগ বিচাৰিছিল ৷ কিন্তু এই ক্ষেত্ৰ অধ্যক্ষই অনুমতি প্ৰদান নকৰাত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধে ক্ষোভমূলক মন্তব্য প্ৰকাশ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে ৷

Finally, mla Rupjyoti Kurmey apologised  in the Legislative Assembly
অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে
author img

By

Published : Dec 30, 2020, 1:21 PM IST

Updated : Dec 30, 2020, 1:32 PM IST

গুৱাহাটী, ৩০ ডিচেম্বৰ : কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিবলৈ বাধ্য হ'ল । মঙলবাৰে সদনত প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ পূৰ্বেই মৰিয়ণীৰ বিধায়ক গৰাকীয়ে অসমৰ ভূমিত নগাৰ আগ্ৰাসন সম্পৰ্কে আলোচনা কৰাৰ বাবে পইন্ট অৱ অৰ্ডাৰ যোগে সদনত আলোচনাৰ বাবে অধ্যক্ষৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছিল ৷ কিন্তু অধ্যক্ষই এই অনুমতি দিয়া নাছিল ।

এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত মন্তব্য কৰিছিল যে,আগন্তুক নিৰ্বাচনৰ বাবে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বাবে টিকটৰ টনাটনি হৈছে ৷ যাৰ বাবে তেওঁ বিজেপিয়ে বিচৰা মতেই কাম কৰি গৈছে বুলি মন্তব্য প্ৰকাশ কৰিছিল । ইয়াৰ পিচতে অধ্যক্ষই মঙলবাৰৰ দিনটোৰ বাবে সদনৰ পৰা বিধায়কজনক বহিস্কাৰ কৰে।

ইয়াতে শেষ নহ'ল বিষয়টো ৷ বুধবাৰে পুনৰ বিধানসভাত বিষয়টো উত্থাপন কৰে বিজেপি বিধায়ক পদ্ম হাজৰিকাই । বিধায়ক হাজৰিকাই সদনত কয়,ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে যি মন্তব্য কৰিছিল এই মন্তব্যই অধ্যক্ষৰ আসনখনক অপমান কৰিছে । ৰূপজ্যোতি কুৰ্মী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী তোলে পদ্ম হাজৰিকাই ৷

উল্লেখ্য যে,বিজেপিৰ সকলো বিধায়কে একমুখে ৰূপজ্যোতি কুৰ্মীক ক্ষমা খোজাৰ বাবে দাবী জনোৱাত সদনত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশেষত পৰিস্থিতি জটিল হোৱাত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মন্তব্য বাবে বিধানসভাত ক্ষমা খুজিবলৈ বাধ্য হয়।

লগতে পঢ়ক: কৃষকসকল অন্নদাতা,তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব নালাগে: ৰাজনাথ সিং

Last Updated : Dec 30, 2020, 1:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.