গুৱাহাটী, 19 ডিচেম্বৰ : চিত্ৰ-নিৰ্মাতা ড৹ ববী শৰ্মা বৰুৱাই প্ৰায় দুবছৰ পূৰ্বেই ‘ডেউকা’ (ৱাকিং ইন দা এয়াৰ) নামেৰে এখন ছবি নিৰ্মাণৰ প্ৰকল্প হাতত লৈছিল ৷ বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব এই ছবিখন (New Assamese Film Deuka) ৷
শনিবাৰে ইমেইজিং মিডিয়াৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত ডেউকাৰ পৰিচালক ড৹ ববী শৰ্মা বৰুৱাই এই কথা সদৰি কৰে ৷ সংবাদ মেলত চলচিত্ৰ খনৰ প্ৰযোজক বসন্ত কুমাৰ বৰুৱা, লেখিকা শৰ্মিষ্ঠা প্ৰীতম, অভিনেতা অৰুণ নাথ, অভিনেত্ৰী বীণা পতংগীয়া, সুলক্ষণা বৰুৱা, সাংবাদিক নিতুমনি শইকীয়া উপস্থিত থাকে ৷
2022 বৰ্ষত দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব ‘ডেউকা’ৰ ৷ পৰিস্থিতি ঠিকে থাকিলে 2022 ৰ শেষভাগত ছবিখন মুক্তি দিয়াৰ কথা ৷ ছবি খনৰ পৰা লাভ কৰা ধনৰ কিছু অংশ শৰ্মিষ্ঠাৰ প্ৰীতমৰ চিকিৎসাৰ বাবে ব্যয় কৰা হ’ব বুলি ঘোষণা কৰে চিত্ৰ-নিৰ্মাতা গৰাকীয়ে (Film based on life of writer Sarmistha Pritam) ৷ বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম দীৰ্ঘদিন ধৰি spinal muscular atrophy ত আক্ৰান্ত হৈ আছে ৷
লগতে পঢ়ক: নাট্যকলা পুৰস্কাৰেৰে সন্মানিত হ’ল বাক্সাৰ ছায়াশ্ৰী বসুমতাৰী