গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ সাংবাদিকৰ অপপ্ৰচাৰত নামিছে শাসকীয় দল বিজেপিৰ কৰ্মী।শুকুৰবাৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুগৰাকী সাংবাদিকক বিজেপিৰ প্ৰতিবাদী সমদলত যোগদান কৰা বুলি অপপ্ৰচাৰ। সংবাদকৰ্মীৰ ফটো গোপনে তুলি ছ'চিয়েল মিডিয়াত আপলোড বিজেপি কৰ্মীৰ।ফটোৰ সৈতে বহু আপত্তিজনক বাক্য লিখি অপপ্ৰচাৰ কৰ্মীজনৰ।
উল্লেখযোগ্য যে নিউজ ৱেব পৰ্টেলত কৰ্মৰত দীপাঞ্জলী শৰ্মা আৰু কল্পজ্যোতি শইকীয়াৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ চলাইছিল চম্পক চাহা নামৰ বিজেপি নেতাজনে।ইতিমধ্য়ে মহানগৰীৰ পাণ্ডুৰ বিজেপি নেতা চম্পক চাহাৰ বিৰুদ্ধে পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিক দুগৰাকীয়ে।