গুৱাহাটী, 13 আগষ্ট: ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত শনিবাৰে গুৱাহাটীত শিশু সুৰক্ষা, শিশু নিৰাপত্তা আৰু শিশু কল্যাণ বিষয়ক 'বাৎসল্য ভাৰত' শীৰ্ষক পঞ্চম এদিনীয়া আঞ্চলিক আলোচনা চক্ৰৰ আয়োজন কৰা হয় । আলোচনা চক্ৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, মেঘালয়, ছিকিম, ত্ৰিপুৰা আৰু নাগালেণ্ডে অংশগ্ৰহণ কৰে । আলোচনা চক্ৰত শিশু কল্যাণ সমিতি, জিলা শিশু সুৰক্ষা ইউনিট, কিশোৰ ন্যায় ব'ৰ্ড, গাঁও সমিতিৰ সদস্য, শিশু সুৰক্ষা আৰু অংগনবাড়ী কৰ্মীৰ 1200 ৰো অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে ।

উল্লেখ্য যে, এই আলোচনা চক্ৰ শিশু সুৰক্ষা, শিশু নিৰাপত্তা আৰু শিশু কল্যাণৰ বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা আৰু প্ৰচাৰৰ বাবে সমগ্ৰ দেশতে অনুষ্ঠিত হ'বলগীয়া ধাৰাবাহিক আঞ্চলিক আলোচনা চক্ৰৰ অংশ হিচাপে আয়োজন কৰা হয় । গুৱাহাটীৰ কলাক্ষেত্রত আয়োজন কৰা এই আলোচনা চক্ৰত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্ৰভাই, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়নৰ অতিৰিক্ত সচিব সঞ্জীৱ কুমাৰ চাদ্দা আৰু ৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুংগোই অংশগ্ৰহণ কৰে । আলোচনা চক্ৰৰ কাৰ্যসূচীৰ মূল বিষয়বস্তু আছিল 'কিশোৰ ন্যায় আইন আৰু ইয়াৰ নিয়মাৱলীৰ সংশোধনী' ।
2022 চনৰ ছেপ্টেম্বৰ মাহত এই আইন তথা নিয়মাৱলীৰ সংশোধনীৰ পিছত এই ব্যৱস্থালৈ ক্ষীপ্র পৰিৱৰ্তন আহি পৰিছিল আৰু ইয়াৰ পৰা সুফল পোৱা সন্তান তুলি লোৱা পিতৃ-মাতৃসকলে প্ৰকাশ কৰা সু-অভিজ্ঞতাৰ ভেঁটিত এই আইনৰ প্ৰভাৱ সন্দৰ্ভত আলোচনাত কৰা হয় । আলোচনা চক্ৰত ভাষণ প্রদান কৰি ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী ড৹ মুঞ্জাপাৰা মহেন্দ্ৰ ভায়ে কিশোৰ ন্যায় আইন 2015, ইয়াৰ বিভিন্ন নিয়ম আৰু অভিযোজন নিয়মত কৰা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে । এই পৰিৱৰ্তনবোৰে যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলক আৰু আইনৰ সৈতে সংঘাতময় পৰিৱেশত থকা শিশুসকলক উন্নত মানদণ্ডৰ সেৱা প্ৰদান কৰাত সহায় কৰিব ।
তেওঁ লগতে কয় যে, ৰাজ্যসমূহে প্ৰতিখন জিলাত কিশোৰ ন্যায় ব'ৰ্ড গঠন কৰাটো বাধ্যতামূলক কৰা হৈছে । প্ৰতিখন জিলাত এক বা ততোধিক শিশু কল্যাণ সমিতি গঠন কৰা, অভিভাৱকৰ পৰা পৃথক হৈ পৰা শিশুৰ উদ্ধাৰ তথা সবিশেষ প্রতিবেদন বাধ্যতামূলক কৰা, শিশু যত্ন প্ৰতিষ্ঠানৰ পঞ্জীয়ন, সন্তান তুলি ল'বলৈ বিচৰা নতুন ব্যক্তি বা পিতৃ-মাতৃৰ যোগ্যতা নিৰূপণ আদিও বাধ্যতামূলক কৰা হৈছে । ইফালে, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়নৰ অতিৰিক্ত সচিব সঞ্জীৱ কুমাৰ চাদ্দাই অনুষ্ঠানত ভাষণ দি কিশোৰ ন্যায় আইনৰ অধীনত শিশু কল্যাণ সুৰক্ষাৰ বাবে বিভিন্ন ৰাজ্য আৰু পঞ্চায়ত পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই কৰি থকা কামৰ শলাগ লয় ।
তেওঁ কয় যে কিশোৰ ন্যায় আইনত সংশোধনীৰ লগে লগে বিগত কেইবছৰমানৰ পৰা শিশু সুৰক্ষা পৰিৱেশ তন্ত্ৰত এটা ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । বিভিন্ন ৰাজ্যত চাইল্ড হেল্পলাইনৰ সফলতা সন্দৰ্ভত আলোকপাত কৰি দেশৰ প্ৰতিগৰাকী শিশুৰ উন্নতি সাধন কৰি দেশৰ দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰিবলৈ “কোনো শিশুক বাদ দিয়া নহয়” নীতি ৰূপায়ণত তেওঁ গুৰুত্ব আৰোপ কৰে । আনহাতে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্রিয়ংক কানুংগোৱে শিশু সৰবৰাহৰ বিষয়বোৰ পদপথৰ শিশু, শিশু তুলি লোৱা, শিশু যত্ন প্ৰতিষ্ঠানৰ নিৰীক্ষণ আদিৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ বিষয়ে গুৰুত্বসহকাৰে উল্লেখ কৰে ।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে শিশু কল্যাণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি আহিছে তাৰ বিষয়ে তেওঁ উল্লেখ কৰে । তেওঁ নাগালেণ্ডৰ প্ৰসংগ সদৰি কৰি কয় যে ডিমাপুৰৰ পৰা স্থলপথেৰে 17 ঘণ্টা যাত্ৰা কৰি কিফিৰে ভ্ৰমণ কৰা হৈছিল । য'ত শিশু কল্যাণ বিভাগৰ কৰ্মকৰ্তাসকল প্ৰথমবাৰৰ বাবে গৈছিল ।
সেই অঞ্চলৰ বাসিন্দাসকলৰ পৰা 250 ৰো অধিক অভিযোগ লাভ কৰা হৈছিল । কিফিৰেৰ 20 বছৰ পুৰণি জৱাহৰ নৱোদয় বিদ্যালয়খন বিদ্যালয়গৃহ অবিহনেই চলি আছিল । পৰৱৰ্তী সময়ত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু তাৰ ফলস্বৰূপে এতিয়া কিফিৰেৰ জৱাহৰ নৱোদয় বিদ্যালয়খন সুন্দৰ বিদ্যালয়গৃহৰে পৰিচালিত হৈ আছে ।
লগতে পঢ়ক : Seize marijuana in Agartala: ত্ৰিপুৰাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ