ETV Bharat / state

ওপজা দিনত ৰাণাদাক সুঁৱৰি সম্বৰ্ধনা অনুষ্ঠান - মনীষা হাজৰিকাক সম্বৰ্ধনা

আছাম ডাউন টাউন বিশ্ববিদ্যালয়(Assam Down Town University)ৰ পৰিৱেশ্য কলা বিভাগৰ উদ্যোগত বুধবাৰে পালন কৰা হয় প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা(Jayanta Hazarika) জন্ম বাৰ্ষিকী । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী(Ramen Choudhury) আৰু জনপ্ৰিয় কণ্ঠশিল্পী মনীষা হাজৰিকা(Manisha Hazarika)ক বিশেষভাৱে সম্বৰ্ধনা জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

felicitation-ceremony
সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Sep 23, 2021, 2:07 PM IST

গুৱাহাটী, 23 ছেপ্তেম্বৰ : বুধবাৰে ওপজা দিনত সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰে অসমবাসীৰ মৰমৰ প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা(Jayanta Hazarika) ৷ তেওঁৰ 78 সংখ্যক জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আছাম ডাউন টাউন বিশ্ববিদ্যালয়(Assam Down Town University)ৰ পৰিৱেশ্য কলা বিভাগে আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী(Ramen Choudhury) আৰু জনপ্ৰিয় কণ্ঠশিল্পী মনীষা হাজৰিকা(Manisha Hazarika)ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাণা দাৰ জন্ম বাৰ্ষিকীৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ সাৰগৰ্ভ ভাষণেৰে এই জন্ম দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা জয়ন্ত হাজৰিকাৰ গীতৰ অনলাইন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগীসকলৰ গীতৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয় ।

felicitation-ceremony
সম্বৰ্ধনা অনুষ্ঠান

উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত 18 গৰাকী শিল্পীৰ গীত সন্নিবিষ্ট কৰা হৈছিল ৷ এই প্ৰতিযোগীসকলৰ মাজৰ পৰা বিচাৰকে চূড়ান্ত বিজয়ীসকলক নিৰ্বাচিত কৰে ৷ সামৰণি অনুষ্ঠানত ভাষণ দি জয়ন্ত হাজৰিকাৰ ব্যক্তিত্ব তথা গীতৰ বৈশিষ্ট্যসমূহৰ আলোকপাত কৰে সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে ৷ ভাষণ প্ৰসংগত সংগীত শিল্পীগৰাকীয়ে কয় যে, শুদ্ধকৈ নিশিকিলে যিকোনো সংগীত চৰ্চাই আধৰুৱা হৈ ৰয় আৰু এনে চৰ্চাই সামগ্ৰিকভাৱে সংস্কৃতিত বিৰূপ প্ৰভাৱহে পেলায় ৷

ইয়াৰোপৰি সংগীত শিল্পী মনীষা হাজৰিকাই কয় যে, জয়ন্ত হাজৰিকাৰ গীতসমূহ আজিৰ প্ৰজন্মৰ মাজত সঠিক চৰ্চা-মূল্যায়নৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে প্ৰচেষ্টা হাতত লৈছে । অসমৰ বিভিন্ন ঠাইত ৰাণা দাৰ গীতৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে । এনেধৰণৰ গীতৰ কৰ্মশালাবোৰৰ জৰিয়তে গীতৰ সঠিক চৰ্চা হয় ।

felicitation-ceremony
সম্বৰ্ধনা অনুষ্ঠান

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰয়াত শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীত গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লয় শিল্পী দুগৰাকীয়ে । অনুষ্ঠানত প্ৰয়াত জয়ন্ত হাজৰিকাৰ পুত্ৰ ময়ূখ হাজৰিকাই অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত ড৹ প্ৰতীতি বৰ্মণ, ড৹ নিশান্ত কাকতি, সংগীতা বড়ো, শৰৎ ৰাগ, বিতোপন গগৈ আৰু উৎপল দত্তই সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক: অভিনেতা দিগন্ত হাজৰিকালৈ জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.