ETV Bharat / state

Palm Oil in Assam: পাম অইল কৃষি বন্ধ কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৃষক সংগঠনৰ - তৈল পাম খেতি

তৈল পাম খেতি বন্ধ কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৰিছে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে ৷ সংবাদমেলযোগে ঘোষণা অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাৰ ৷

Farmers Organisations Press Meet in Guwahati
কৃষক সংগঠনৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:37 PM IST

26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৃষক সংগঠনৰ

গুৱাহাটী, 23 আগষ্ট : অসমত তৈল পাম কৃষি বন্ধ কৰা আৰু অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৰিছে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে ৷ বুধবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰি অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই এই আন্দোলনৰ কথা ঘোষণা কৰে ৷

সংবাদমেলত অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসে কয় যে পাম কৃষিৰ ভয়াৱহতা সম্পৰ্কে ইতিমধ্যে বহু তথ্য প্ৰকাশিত হৈছে ৷ শ্ৰীলংকা, ইণ্ডনেছিয়াই পাম খেতিত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হৈছে ৷ আন্দামান-নিকোবৰত নতুন পুলি ৰোপণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে, মিজোৰামৰ ডাম্পা ব্যাঘ্ৰ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে ৷ পাম খেতিয়ে ৰাজ্যৰ কৃষকক কোনোধৰণৰ সহায় নকৰে আৰু ৰাজ্যৰ অৰ্থনীতিতো কোনো অৰিহণা নোযোগায় ৷ ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়, আই আই টি, কৃষিবিদ, পৰিৱেশ বিজ্ঞানী, কৃষক সংগঠন, বিজ্ঞান আৰু পৰিৱেশ সংগঠনসমূহৰ লগত পাম মিছন সম্পৰ্কে শীঘ্ৰেই আনুষ্ঠানিক আলোচনাৰ ব্যৱস্থা কৰা আৰু ইতিমধ্যে আৰম্ভ কৰা পাম গছ ৰোপণ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে তেওঁ দাবী জনায় ৷

দাসে কয় যে ৰাজ্যৰ জনমতৰ বিপৰীতে কেৱল কৰ্প’ৰেটৰ মুনাফাৰ স্বাৰ্থত কৰা পাম কৃষি বন্ধ কৰা, অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা বিক্ষোভ প্ৰদৰ্শন আৰু আন্দোলনৰ অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে আহ্বান জনাইছে ৷

সংবাদমেলত অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী আৰু পৰিৱেশবিদ, ৰাজ্যৰ বিভিন্ন কৃষক সংগঠন, ৰাজনৈতিক দলে বিগত দুবছৰে প্ৰকাশ কৰি অহা উদ্বেগ, আশংকা আৰু প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই কেৱল ৰামদেৱ, গডৰেজৰ দৰে বৃহৎ কৰ্প’ৰেটৰ মুনাফাৰ স্বাৰ্থত অসমত পাম মিছন আৰম্ভ কৰিছে ৷

তেওঁ কয় যে নিজৰ পেটৰ বাবে শ্ৰম কৰি অনাবাদী পতিত মাটি, ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা কৃষকক নিৰ্মমভাৱে উচ্ছেদ কৰা ৰাজ্য চৰকাৰখনে পতঞ্জলী ফুড লিমিটেডক 60,300 হেক্টৰ, গডৰেজ এগ্ৰ’ভেট লিমিটেডক 34,250 হেক্টৰ, 3-এফ অইল পাম কোম্পানীক 23,550 হেক্টৰ, কে ই কাল্টিভেশ্বনক 25,650 হেক্টৰ ভূমি আৱণ্টন দিছে ৷

ভূঞাই লগতে কয় যে পাম খেতিৰ বাবে ৰাজ্যখনক 18 খন জিলাক 6 টা মণ্ডলত ভাগ কৰা হৈছে প্ৰথম মণ্ডলত ধেমাজি আৰু লক্ষীমপুৰ, দ্বিতীয় মণ্ডলত যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, তৃতীয় মণ্ডলত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চতুৰ্থত কামৰূপ, কামৰূপ মহানাগৰ, গোৱালপাৰা আৰু নগাঁও, পঞ্চমত চিৰাং, ওদালগুৰি, শোণিতপুৰ, ষষ্ঠ মণ্ডলত হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ জিলাক অন্তৰ্ভুক্ত কৰা হৈছে ৷

প্ৰাৰম্ভিক পৰ্যায়ত চাৰিটা কোম্পানী যথাক্ৰমে পতঞ্জলী ফুডছ লিমিটেড, গডৰেজ এগ্ৰ’ভেট লিমিটেড, থ্ৰী এফ অইল পাম আৰু কে ই কাল্টিভেছনক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে ৷ পতঞ্জলীৰ প্ৰতি অধিক দৰদ প্ৰদৰ্শন কৰি সাত খন জিলাত ভূমি আৱণ্টন দিয়া হৈছে আৰু সৰ্বাধিক পৰিমাণৰ ভূমিও পতঞ্জলীকে আৱণ্টন দিয়া হৈছে ৷

বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই বৃহৎ কোম্পানীসমূহক বিশাল পৰিমাণৰ কৃষিভূমি আৱণ্টন দি অহা হৈছে ৷ তেওঁ অভিযোগ কৰি কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে কৃষিক কৰ্প’ৰেটৰ হাতত গতোৱাৰ বাবেই আৰম্ভনিৰে পৰা কাম কৰি আহিছে ৷

লগতে পঢ়ক : NPS Employee Protest: কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.