গুৱাহাটী,25 জুনঃ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। এফালে যদি আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে আনফালে আকৌ কৰ'ণা ভাইৰাছৰ লগত দৃঢ়তাৰে যুঁজ দি আৰোগ্য লাভ কৰিছে বহু লোকে। বুধবাৰে মহানগৰীৰ গুৱাহাটীৰ যক্ষ্মা চিকিৎসালয়ত চৰকাৰে নিৰ্মাণ কৰা কোভিড চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ কৰি ঘৰমুৱা হ'ল ২৭ গৰাকী কৰ'ণা ভাইৰাছত আক্রান্ত ৰোগী। আৰোগ্য লাভ কৰা ৰোগীসকলক চিকিৎসালয় খনৰ চিকিৎসা কর্মীসকলে এই ব্যতিক্ৰমী ব্যৱস্থাৰে বিদায় জনালে। বৰগীত,সুধাকন্ঠ ভূপেন হাজৰিকাৰ গীত গাই আৰু বাটৰ নাট পৰিৱেশন কৰি আৰোগ্য লাভ কৰা কৰ'ণা ৰোগীক বিদায় জনালে স্বাস্থ্য কৰ্মীয়ে।
ইপিনে,চিকিৎসাধীন অৱস্থাত চিকিৎসালয় খনে ৰোগী সকলক প্ৰদান কৰা সুবিধা আৰু চিকিৎসকক লৈ আৰোগ্য লাভ কৰা ৰোগী সকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বিদায়ৰ সময়ত আয়োজন কৰা বিশেষ কাৰ্যসূচীৰ শলাগ লয় সকলোৱে।
![Farewell to the corona patient By devotional songs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-covid-patients-visbite-7201051_24062020184417_2406f_1593004457_506.jpg)
আনহাতে,ৰাজ্যত কৰ'ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৬ হাজাৰ অতিক্ৰম কৰিছে যদিও আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩ হাজাৰতকৈও অধিক। কৰ'ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত বৰ্তমানলৈকে মৃত্যু হৈছে ১১ জনকৈ লোকৰ। ইয়াৰ উপৰি মহানগৰী গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। গুৱাহাটীত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পিছত দ্বিতীয়টো বৃহৎ কোভিড চিকিৎসালয় হৈছে বিৰুবাৰীস্থিত যক্ষ্মা চিকিৎসালয়। যক্ষ্মা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৩৫০ ৰোগীৰ ভিতৰত ২৫০ জন ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।