ETV Bharat / state

Family conflicts: ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাত - Application seeking divorce

ৰাজ্যৰ পাৰিবাৰিক আদালতত ১০ মাহত ৰুজু হৈছে ৫১৪১ টা গোচৰ । বেছিভাগ গোচৰেই হ'ল বিবাহ বিচ্ছেদ বিচাৰি কৰা আবেদন । ২০২১ চনত ৪,১০৩ টা গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা হয়গৈ ৯,৩৫৬ টা(Family conflicts are on the rise in assam) ।

Family conflicts are on the rise in assam
বৃদ্ধি পাইছে স্বামী-স্ত্ৰীৰ মাজৰ মনোমালিন্য
author img

By

Published : Jan 6, 2023, 3:24 PM IST

গুৱাহাটী,৬ জানুৱাৰী: মানুহ যিমানেই আত্মকেন্দ্ৰিক হৈ পৰিছে সিমানেই বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাত তথা সমস্যা । পূৰ্বতে পৰিয়ালবোৰ ডাঙৰ আছিল যদিও সংঘাত কম আছিল । কিন্তু বৰ্ত্তমান সময়ত পৰিয়ালবোৰ সৰু হৈ অহাৰ লগে লগে বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাত । অতি উদ্বেগৰ বিষয় যে ৰাজ্যখনত ক্রমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে পাৰিবাৰিক কন্দল । পাৰিবাৰিক সম্পৰ্ক সমূহৰ মাজত আহি পৰিছে ব্যৱধান আৰু ফলস্বৰূপে বৃদ্ধি পাইছে সংঘাট(Family conflicts are on the rise in assam) ।

বৃদ্ধি পাইছে স্বামী-স্ত্ৰীৰ মাজৰ মনোমালিন্য । আজিৰ যান্ত্ৰিক পৃথিৱীত প্রেম-ভালপোৱাৰে গঢ়া সামাজিক বান্ধোন যেন ক্ৰমাৎ মূল্যহীন হৈ পৰিছে । উল্লেখ যে, বিবাহ বিচ্ছেদ বিচাৰি অথবা পৰিয়ালকেন্দ্রিক সংঘাতৰ অভিযোগ তুলি পাৰিবাৰিক আদালতত দাখিল কৰা আবেদনকাৰী সকলৰ জীৱনৰ পৰিক্ৰমাই উন্মোচিত কৰিছে বিভিন্ন দিশ । তথ্য অনুসৰি ৰাজ্যখনত বিগত বৰ্ষৰ মাত্ৰ ১০ টা মাহতে পাৰিবাৰিক আদালতত(Family Court) ৰুজু হৈছে ৫,১৪১টা গোচৰ ।

ইয়াৰে বেছিভাগ গোচৰেই হ'ল বিবাহ বিচ্ছেদ বিচাৰি কৰা আবেদন(Application seeking divorce) । সেই হিচাপত চাবলৈ গ'লে কেবল পাৰিবাৰিক সংঘাতৰ বাবেই বিগত দহটা মাহত এই বৃহৎসংখ্যক গোচৰ ৰুজু হৈছে । ইয়াৰ বিপৰীতে অসমৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মিজোৰাম আৰু মেঘালয়ত কোনো তেনে গোচৰ ৰুজু হোৱা নাই । লক্ষণীয় বিষয় যে এই তিনিখন ৰাজ্যত এতিয়ালৈকে পাৰিবাৰিক আদালত স্থাপন কৰাই হোৱা নাই ।

উল্লেখ্য যে, ৰাজ্যখনত পাৰিবাৰিক অন্তঃকলহৰ বাবে ৰুজু হোৱা গোচৰৰ ভিতৰত বিগত ৪ বছৰৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে বিগত বৰ্ষতেই সর্বাধিক গোচৰ ৰুজু হৈছে । ৰাজ্যখনত ৭ খন পাৰিবাৰিক আদালত চলি আছে । বিগত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ অক্টোবৰলৈ ৰুজু হৈছে ৫,১৪১ টা গোচৰ । আনহাতে ৩১ অক্টোবৰলৈ ৰাজ্যৰ পাৰিবাৰিক আদালত নিষ্পত্তি হ'বলৈ বাকী থকা গোচৰৰ সংখ্যা হৈছে ৭,৯০১ টা ।

আনহাতে বিগত ১০টা মাহত ৰাজ্যখনৰ পাৰিবাৰিক আদালতে ৬,০৯২টা গোচৰ নিষ্পত্তি কৰিছে । তথ্য অনুসৰি ২০২১ চনত ৰাজ্যখনত পাৰিবাৰিক আদালতত ৰুজু হয় ৩,৯৩৫ টা গোচৰ । ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষৰ গোচৰৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । অৱশ্যে লকডাউনৰ সময়চোৱাত অর্থাৎ ২০২০ চনত ৰাজ্যখনত এনে গোচৰৰ সংখ্যা কম আছিল । সেই বছৰত ৰুজু হৈছিল ২,৭৩২ টা গোচৰ ।

আনহাতে ২০১৯ চনতো পাৰিবাৰিক আদালতত বহু গোচৰ ৰুজু হৈছিল । সেই সংখ্যা আছিল ৫,৫৭৪ টা । লক্ষণীয়ভাৱে লকডাউনৰ দুবছৰত পাৰিবাৰিক আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা বৃদ্ধি পাইছিল । তথ্য অনুসৰি ৰাজ্যখনত পাৰিবাৰিক আদালতত ২০১৯ চনত ৭,৩৬৪ টা গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে নিষ্পত্তি নোহোৱাকৈ আছিল ৮,১০৮ টা গোচৰ । তেনেদৰে ২০২০ চনত পাৰিবাৰিক আদালতে ১,৩৭৪ টা গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা বাঢ়িছিল ১০১০৮ টালৈ ।

২০২১ চনত ৪,১০৩ টা গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা হয়গৈ ৯,৩৫৬ টা । অৱশ্যে ৰাজ্যৰ পাৰিবাৰিক আদালতত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা বৃদ্ধিৰ মূলতে আছিল ক'ভিড পৰিস্থিতি । সেই সময়চোৱাত পাৰিবাৰিক আদালতলৈ অহা ব্যক্তিৰো পৰিসংখ্যা কম আছিল । কিন্তু এতিয়া দিনে প্রতিদিনে পাৰিবাৰিক আদালতলৈ গোচৰ লৈ অহা ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিৱেশে এইটোকে সুচাইছে যে ক্রমাগতভাৱে যান্ত্রিক পৃথিৱীখনত সম্পর্ক সমূহ ক্ষণস্থায়ী হৈ পৰিছে । স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি অথবা সহনশীলতাৰ অভাৱে নিমিষতে ভাঙি পেলাবলৈ ধৰিছে এখন সংসাৰ । বিবাহ বিচ্ছেদ যেন সাধাৰণ বিষয়ত পৰিণত হ'বলৈ ধৰিছে ।

লগতে পঢ়ক: Mid day meal scam: বকোত মধ্যাহ্ন ভোজনৰ চাউল পেলালে জংঘলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.