গুৱাহাটী, 5 জুলাই : গুৱাহাটী মহানগৰীৰ জালুকবাৰীত যান-বাহন আৰক্ষীৰ তালাচী অভিযানত দেওবাৰে জব্দ হয় দুখনকৈ চৰকাৰী পাছযুক্ত বাহন । পুৱাৰ ভাগত সেনা বাহিনীৰ ভুৱা পাছেৰে শাক-পাচলি, মাছ সৰবৰাহ কৰা এখন চাৰিচকীয়া বাহন ধৰা পৰে । পাণ্ডুৰ উজ্জ্বল দাস আৰু গণেশ দাসে AS-25-CC-0899 নম্বৰৰ এখন চুইফট ডিজাইয়াৰ বাহনত ভুৱা পাছ লগাই খাৰুপেটীয়াৰ পৰা সামগ্ৰীসমূহ অনা বুলি জানিব পৰা গৈছে ।
ইয়াৰোপৰি, AS-01-EJ-2632 নম্বৰৰ আন এখন চাৰিচকীয়া বাহনো জব্দ কৰে জালুকবাৰীৰ যানবাহন আৰক্ষীয়ে । এই বাহনখনতো শাক-পাচলি, মাছ, মুৰ্গী ভৰ্তি কৰি অনা হয় । চৰকাৰী ভুৱা পাছ লগাই জামাল আলী নামৰ লোকজনৰ বাহনত তপন দাস আৰু আকাশ শৰ্মা নামৰ লোক দুজনে অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল সামগ্ৰীসমূহ ।
সম্প্ৰতি জালুকবাৰীৰ যান-বাহন আৰক্ষীয়ে সামগ্ৰীসহ বাহন দুখন জব্দ কৰি জালুকবাৰী আৰক্ষী চকীত গতাই দিয়ে । উল্লেখ্য যে, বাহন দুখনৰ পৰা বহু কুইণ্টল সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ