গুৱাহাটী, 5 এপ্ৰিল : লক্ ডাউনৰ বাবে দেশ তথা ৰাজ্যত সকলো বন্ধ হৈ পৰিছে ৷ কিন্তু তাৰ মাজতে ফেচবুকত প্ৰচাৰ হোৱা এখন ফটো সম্বলিত বিজ্ঞাপনে বহুতৰে জিভালৈ আনিছিল লোভৰ পানী ৷ গুৱাহাটীৰ এইছ. ডি. ৱাইন চপ্ নামৰ সুৰা বিপনীখনে লক্ ডাউনৰ সময়চোৱাত সুৰাৰ হোম ডেলিভাৰী দিব বুলি প্ৰচাৰ চলাইছিল কোনো অজ্ঞাত লোকে ৷ ৱাইন চপ্ খনৰ ফেচবুক একাউন্টৰ পৰা প্ৰচাৰ হোৱা পোষ্টটো সম্পৰ্কত বিপনীৰ স্বত্বাধিকাৰীয়ে অজ্ঞতা প্ৰকাশ কৰাত বিষয়টো জটিল হৈ পৰে ৷

ইতিমধ্যে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এনে ধৰণৰ সুৰা যোগান ধৰা কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা হ'ব ৷ তাৰোপৰি চ'ছিয়েল মিডিয়াত এই ধৰণৰ অপপ্ৰচাৰ চলোৱা সকলৰ ক্ষেত্ৰতটো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ সুৰাৰ বিপনীখনৰ স্বত্বাধিকাৰীক চাইবাৰ গোচৰ দাখিলৰ নিৰ্দেশ দি আবকাৰী বিভাগক ইয়াৰ তদন্ত চলাবলৈও নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : ট্ৰাক চালক : যাৰ চকা নুঘূৰিলে স্তব্ধ হ'ব জনজীৱন !