গুৱাহাটী,30 মে' : শেহতীয়াকৈ শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত সৃষ্টি হৈছে মতবিৰোধ ৷ দুয়ো পক্ষৰ অভিযোগ প্ৰতি অভিযোগেৰে এতিয়া গৰম হৈ পৰিছে ছ‘চিয়েল মিডিয়া ৷ ঘটনা অনুসৰি লকডাউনৰ সময়ছোৱাত ফেচবুক পেজ এডমিন সন্থাই গান গাবলৈ একাংশ শিল্পীক পেজত লাইভৰ বাবে আহ্বান জনায় ৷
![facebook page admin association and artist conflict](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-801-30may-pageadminvsartist-byte-pic-as10003lipikadeka_30052020100953_3005f_1590813593_272.jpg)
পেজৰ এডমিনৰ এই আহ্বানক একাংশ শিল্পীয়ে গুৰুত্ব নিদিয়া আৰু অনুষ্ঠান পৰিবেশনৰ বাবে মাননি বিচৰা বুলি অভিযোগ তুলে পেজ এডমিন সন্থাই ৷ একাংশ শিল্পীৰ এনে কাণ্ডত ক্ষোভিত হৈ পেজ এডমিন সন্থাই ব্লেক লিষ্টেড কৰে প্ৰায় ডেৰকুৰি শিল্পীক ৷ ইয়াৰ পাছতেই এনে কাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে একাংশ শিল্পীয়ে ৷
লগতে পঢ়কঃ হোজাইত বনৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক