গুৱাহাটী,৩ ডিচেম্বৰ: চাহৰ বাবে অসম বিখ্যাত আৰু অসমৰ এই খ্যাতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে । অসমৰ বাবে ভাল খবৰ যে বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে (Assam tea exports increased in 2022) । চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট পর্যন্ত বিগত বৰ্ষৰ এই একেই সময়ছোৱাতকৈ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে । ইতিমধ্যে ভাৰতীয় চাহ ব'ৰ্ডে এই তথ্য সদৰী কৰিছে (data of Tea Board of India)।
চাহ ব'ৰ্ডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ পাঁচ মাহত বিদেশলৈ ২৫১৮.১১ কোটি টকা মূল্যৰ ভাৰতত উৎপাদিত চাহ ৰপ্তানি হয় (Export of tea produced in India)। ইয়াৰে অধিকসংখ্যক চাহেই অসমৰ । আনহাতে, বিগত বৰ্ষৰ এই একেই সময়ছোৱাত ভাৰতৰ পৰা বিদেশলৈ ২১৩৮.৮১ কোটি টকাৰ চাহ ৰপ্তানি হৈছিল । বিদেশলৈ চাহৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াৰ ইতিবাচক প্রভাৱ পৰিব অসমত । কিয়নো দেশৰ উৎপাদিত মুঠ চাহৰ ৫০ শতাংশ চাহ অসমত উৎপাদিত হয় । বাকী ৫০ শতাংশ চাহ তামিলনাডু,কেৰালা,কৰ্ণাটক,পশ্চিম বংগ, বিহাৰ,অৰুণাচল প্রদেশ,নগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত উৎপাদন হয় ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_85.jpeg)
চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্ট পর্যন্ত ভাৰতে মুঠ ৮৯.১১ নিযুত কিল'গ্রাম চাহ বিদেশলৈ ৰপ্তানি কৰে (Assam tea exports have increased)। পাঁচ মাহৰ ভিতৰত ৰপ্তানি কৰা এই চাহৰ ভিতৰত অধিক সংখ্যক চাহ অসমত উৎপাদিত । তথ্য অনুসৰি আয়াৰলেণ্ড,পোলেণ্ড, কানাডা, ছৌডি আৰব, আফগানিস্তান,বাংলাদেশ,চীন,শ্রীলংকা,অষ্ট্রেলিয়া আদি ৰাষ্ট্ৰসমূহলৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি বৃদ্ধি হৈছে । বছৰটোৰ প্ৰথম কালছোৱাত বিদেশলৈ চাহৰ ৰপ্তানি বৃদ্ধি পোৱা মানে শেষৰ কালছোৱাতো ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে । অৱশ্যে এই পর্যন্ত শেষৰকালছোৱাৰ তথ্য অহা নাই । ডিচেম্বৰ অন্ত পৰাৰ সময়ত এই তথ্য জানিব পৰা যাব ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_995.jpeg)
ইপিনে,চলিত বৰ্ষত চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ চীন আৰু শ্ৰীলংকালৈ ভাৰতত উৎপাদিত চাহৰ ৰপ্তানি বৃদ্ধি হোৱাটো লক্ষণীয় বিষয় । অৱশ্যে চাহ উৎপাদনকাৰী আন এখন ৰাষ্ট্ৰ কেনিয়ালৈ ভাৰতৰ চাহৰ ৰপ্তানি বিগত বৰ্ষৰ তুলনাত হ্রাস পাইছে । জাপান,ইৰানলৈও ৰপ্তানি পূৰ্বৰ তুলনাত হ্রাস পাইছে । ইফালে, চুবুৰীয়া ৰাষ্ট্র পাকিস্তানলৈ চাহ ৰপ্তানি কৰাটো ভাৰতে এতিয়াও বন্ধ ৰাখিছে । আন দেশসমূহৰ ভিতৰত কমনৱেল্থৰ অধীনস্থ ৰাষ্ট্ৰসমূহলৈও ভাৰতৰ চাহৰ ৰপ্তানি চলিত বৰ্ষত বৃদ্ধি পাইছে । ৰাছিয়ালৈ বিগত পাঁচ মাহত ২৫৮ কোটি টকা মূল্যৰ চাহ ভাৰতৰ পৰা ৰপ্তানি হৈছে । কাজাখস্তানলৈ বৃদ্ধি পাইছে চাহৰ ৰপ্তানি । অৱশ্যে যুদ্ধ বিধ্বস্ত ইউক্রেইনলৈ পূৰ্বৰ বছৰৰ তুলনাত চলিত বৰ্ষত ভাৰতীয় চাহৰ ৰপ্তানি কিছু হ্রাস পাইছে ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_864.jpeg)
উল্লেখ্য় যে চাহৰ ৰপ্তানি বৃদ্ধিৰ সমান্তৰালকৈ ঊর্ধ্বমুখী হৈছে চাহৰ মূল্য় (price of tea increased in India) । দেশৰ ভিতৰত অসমত বিগত মাহটোত উৎপাদিত চাহৰ দাম বটলিফ ফেক্টৰীসমূহে সন্তোষজনকভাৱে লাভ কৰিবলৈ সক্ষম হৈছে (Bottleif Factory of Assam)। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ, নগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপৰি পশ্চিম বংগ,কেৰালা,তামিলনাডু,কর্ণাটক আৰু বিহাৰত চাহ উৎপাদন হয় ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_461.jpeg)
অৱশ্যে অসমক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যকেইখনত কম পৰিমাণৰ চাহ উৎপাদন হয় । অসমত দেশৰ উৎপাদিত মুঠ চাহৰ ৫০ শতাংশ উৎপাদন হয় । ক'ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চাহৰ মূল্য় বিগত দুবছৰত সন্তোষজনক নাছিল । কিন্তু এইবাৰ অসমত উৎপাদিত চাহৰ দাম আন ৰাজ্যকেইখনৰ তুলনাত বটলিফ ফেক্টৰীসমূহে সন্তোষজনকভাৱে লাভ কৰিবলৈ সক্ষম হৈছে । বিগত অক্টোবৰৰ তথ্য অনুসৰি যোৰহাট, শিৱসাগৰ, কাছাৰ আদি জিলাত বটলিফ ফেক্টৰীসমূহে প্রতি কিল'গ্ৰাম চাহত ২০০ টকাতকৈ অধিক লাভ কৰিবলৈ সক্ষম হয় । কাছাৰত সৰ্বাধিক ২৫২ টকা পর্যন্ত দাম বৃদ্ধি পাইছে । সেইদৰে শিৱসাগৰত ২১৪ টকা, যোৰহাটত ২০৭ টকাকৈ বটলিফ ফেক্টৰীসমূহে দাম পাবলৈ সক্ষম হৈছে । আন জিলাকেইখনৰ ভিতৰত ডিব্ৰুগড়ত ১৯৫ টকা, বিশ্বনাথত ১৬৯ টকা, কাৰ্বি আংলঙত ১৮৬ টকা দৰত ফেক্টৰীসমূহে চাহ বিক্ৰী কৰিবলৈ সক্ষম হয় । অৱশ্যে তিনিচুকীয়াত ১৫৫টকাতেই দাম সীমাবদ্ধ থাকে ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_241.jpeg)
ইফালে,কেৰালাত উৎপাদিত চাহৰ দাম যোৱা মাহটোত বটলিফ ফেক্টৰীসমূহে মাত্র ১০২ টকাৰ পৰা ১০৩ টকাহে লাভ কৰে । তামিলনাডুত ১০১ টকাৰ ভিতৰত চাহ বিক্ৰী হয় । আনহাতে, অসমৰ পাছতেই বেছি চাহ উৎপাদনকাৰী ৰাজ্য পশ্চিম বংগতো অক্টোবৰ মাহত উৎপাদিত চাহৰ দাম সীমাবদ্ধ হৈয়েই ৰয় । পশ্চিম বংগৰ কোচবিহাৰত ১০১ টকা, দার্জিলিঙত ১৪২ টকা, জলপাইগুৰিত ১৪০ টকা আৰু দক্ষিণ দিনাজপুৰত ১২৫ টকা দৰত উৎপাদিত চাহ বিক্ৰী হয় । সাধাৰণতে বিশ্বৰ বজাৰত দাৰ্জিলিঙৰ চাহৰ সমাদৰ আছে যদিও বিগত মাহটোত অসমৰ তুলনাত দাৰ্জিলিঙত কম দামত উৎপাদিত চাহ বিক্ৰী হয় ।
![Production of Tea in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assam-tea-exports-have-increased-and-bottleleaf-factories-are-getting-satisfactory-prices-7209925_03122022113644_0312f_1670047604_979.jpeg)
আনহাতে,কৰ্ণাটক আৰু বিহাৰতো অসমৰ তুলনাত কম দামত চাহ বিক্ৰী হয় । কৰ্ণাটকত ১১৮ টকা আৰু বিহাৰত ১১৭ টকা দৰত চাহ বিক্ৰী হয় । ইফালে উত্তৰ-পূবৰ নগালেণ্ডক বাদ দি ত্ৰিপুৰা,মেঘালয়তো অসমতকৈ কম দামত উৎপাদিত চাহ বিক্ৰী হয় । অৱশ্যে নগালেণ্ডত চাহৰ দাম কিছু সন্তোষজনক স্থিতিত আছে ।
লগতে পঢ়ক:Buffalo Seized : নিউ বঙাইগাঁও ৰে'লৱে জংচনত জব্দ ৪৯ টা ম'হ