ETV Bharat / state

Modern Indian master artists: কলাক্ষেত্ৰত আধুনিক ভাৰতীয় মাষ্টাৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী - সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ৰাষ্ট্ৰীয় ললিতকলা অকাডেমী উদ্যোগত গুৱাহাটী আৰ্টিষ্ট গীল্ড আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত ভাৰতীয় মাষ্টাৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান । ১১ আগষ্টত আয়োজিত হ'ব এই প্রদর্শনী । চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ শুভাৰম্ভ কৰিব সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব বি. কল্যাণ চক্ৰৱৰ্তীয়ে ।

Modern Indian master artists
কলাক্ষেত্ৰত আধুনিক ভাৰতীয় মাষ্টাৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী
author img

By

Published : Aug 10, 2023, 9:02 PM IST

কলাক্ষেত্ৰত আধুনিক ভাৰতীয় মাষ্টাৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

গুৱাহাটী, ১০ আগষ্ট: ভাৰতীয় চিত্ৰকলাৰ ক্ষেত্ৰত মর্ডাণ মাষ্টাৰ শিল্পী হিচাপে খ্যাতিমান ২০গৰাকী শিল্পীৰ চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন । অহা ১১ আগষ্ট ৰাষ্ট্ৰীয় ললিতকলা অকাডেমী উদ্যোগত গুৱাহাটী আৰ্টিষ্ট গীল্ড আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত আয়োজিত হ'ব এই প্রদর্শনী । উক্ত অনুষ্ঠানত উপস্থিত থাকিব ললিতকলা অকাডেমীৰ অধ্যক্ষ অধ্যাপক ভি. নাগদাস, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব বি. কল্যাণ চক্রৱর্তী । প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা ২০ গৰাকী শিল্পীৰ ১০ গৰাকী অসমৰ ।

উক্ত প্রদর্শনীত কিংবদন্তী শিল্পী মকবুল ফিদা হুছেইন, এছ এইছ ৰাজা, টায়েব মেহতা, ভি. এছ গাইটোণ্ডে, প্রভাকৰ ব্ৰাৱে, ভূপেন খক্কৰ, ৰাম কুমাৰ, কে কে হেব্বাৰ, এন এছ বেন্দ্ৰে আৰু আকবৰ পদমচিৰ লগতে অসমৰ আশুদেৱ, হেমন্ত মিশ্র, প্ৰণৱ বৰুৱা, শোভা ব্ৰহ্ম, পুলক গগৈ, বেণু মিশ্র, মাধৱ বৈশ্য, গৌৰী বৰ্মনৰ, নীলপৱন বৰুৱা, হেমাংগিনী বৰদলৈৰ চিত্ৰ প্ৰদৰ্শিত হ'ব । প্ৰদৰ্শনীখন ১১ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ৰাইজৰ বাবে মুকলি থাকিব ।

গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে এই প্ৰদৰ্শনীৰ সন্দৰ্ভত কয়, “বিভিন্ন কাৰণত আজিলৈ অসমৰ প্ৰথিতযশা অগ্ৰণী আধুনিক মাষ্টাৰ শিল্পীসকলৰ সৃষ্টি ভাৰতৰ অন্যান্য অঞ্চলৰ এনে শিল্পীৰ লগত প্ৰদৰ্শনৰ ব্যৱস্থা হোৱা নাই । প্ৰদৰ্শনীত সন্নিবিষ্ট ঘাইকৈ অসমৰ শিল্পীসকলৰ মাষ্টাৰ শিল্পকৰ্মসমূহ পৰিয়ালৰ ওচৰত আছে যদিও যথোপযুক্তভাৱে সংৰক্ষিত হৈ থকা নাই । ভালেকেইগৰাকী শিল্পীৰ শিল্পকৰ্ম অনাদৰ অৱহেলাত নষ্ট হৈছে ।

গুৱাহাটীত আয়োজন কৰা উক্ত প্রদর্শনীত ভাৰতৰ ভিন্ন প্ৰান্তৰ মাষ্টাৰ শিল্পীসকলৰ লগত আমাৰ অসমৰ শিল্পীসকলৰ সৃষ্টি প্ৰথমবাৰৰ বাবে প্রদর্শিত হোৱাতো গৌৰৱৰ কথা আৰু ই এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰে কিশোৰ কুমাৰ দাসে । তেওঁ আৰু কয়, এই সকলো মহান শিল্পীৰ শিল্পকর্ম সংগ্ৰহ আৰু প্ৰদৰ্শনৰ বাবে অসমতো 'নেছনেল গেলেৰী অব মডাৰ্ণ আৰ্ট'ৰ দৰে এটা জাতীয় কলা সংগ্ৰহালয় আৰু প্ৰদৰ্শনশালাৰ প্ৰয়োজন । এই বিষয়টো ৰাজ্য লগতে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সাধাৰণ সম্পাদক দাসে ।

লগতে পঢ়ক: Super 50 inaugurated: ৰঙিয়াত চুপাৰ ৫০ ৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.