ETV Bharat / state

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - অসম চুক্তি

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ গঠিত বিশেষ উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী ৰূপায়ণৰ ক্ষেত্ৰত, ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কি কি ক'লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ?

exclusive interview with retired justice biplab kumar srama on etv bharat

author img

By

Published : Jun 14, 2020, 5:58 PM IST

গুৱাহাটী, ১৪ জুনঃ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষ উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ প্ৰতিবেদনখনৰ কি হ'ল ? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া ১৪ জনীয়া সমিতিখনে বিগত ২৫ ফেব্ৰুৱাৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰিছিল প্ৰতিবেদনখন । কিন্তু আজি প্ৰায় চাৰিটা মাহে এই প্ৰতিবেদনৰ পৰামৰ্শাৱলী ৰূপায়ণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

CAA বিৰোধী আন্দোলনে সমগ্ৰ অসমত এক অস্থিৰ পৰিৱেশ বিৰাজ কৰি ৰখাৰ সময়তে, অসমীয়া মানুহৰ সাংবিধানিক নিৰাপত্তা নিশ্চিতকৰণৰ ক্ষেত্ৰত অসম চুক্তিৰ ছয় নং দফা কিদৰে কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই সমিতিখন গঠন কৰি দিছিল । পৰৱৰ্তী সময়ত কেন্দ্ৰ সমিতিৰ প্ৰতিবেদনখন গ্ৰহণ কৰাৰ ক্ষেত্ৰত মন্থৰ হোৱা বাবে ন্যায়াধীশ শৰ্মা নেতৃত্বাধীন সমিতিখনে, মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিছিল সেই প্ৰতিবেদন । কিন্তু বিগত প্ৰায় চাৰি মাহে সেই প্ৰতিবেদন সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থাই হাতত নল'লে ।

আছুতীয়া সাক্ষাৎকাৰত কি কি ক'লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ?

এইদৰে চাৰি মাহ উকলি যোৱা বিষয়টো কিদৰে গ্ৰহণ কৰিছে সমিতিৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ? ই টিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত অধ্যক্ষ গৰাকীয়ে কয় যে, প্ৰতিবেদনখন প্ৰস্তুত কৰি দাখিল কৰালৈকে সমিতিয়ে কোনো ধৰণৰ হেমাহি কৰা নাই । কিন্তু প্ৰতিবেদনৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰা নকৰাৰ দায়িত্ব চৰকাৰৰ । হয়তো ক'ৰণাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবেও এই প্ৰক্ৰিয়া পলম হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে । বিপ্লৱ কুমাৰ শৰ্মাৰ মতে, বিগত ৩৪ বছৰে অসম চুক্তিখন ৰূপায়ন নহ'ল । কিন্তু সেই দশা যাতে এই প্ৰতিবেদনৰ ক্ষেত্ৰতো নহয় তালৈ চকু ৰখা ভাল ।

হয়তো ক'ৰণাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবেও এই প্ৰক্ৰিয়া পলম হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে

লগতে পঢ়কঃ কোভিড-১৯ পৰীক্ষাৰ বাবে দিল্লীয়ে লাভ কৰিব ৰেণ্ডম টেষ্টিং কিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.