ETV Bharat / state

গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

author img

By

Published : Mar 16, 2021, 9:23 PM IST

মালিগাঁৱৰ কাষৰীয়া আদিংগিৰী আৰু কালীখোলাত চুলাই মদৰ ঘাটিত আবকাৰী বিভাগৰ অভিযান । চুলাই মদ প্ৰস্তুত কৰা ১৬ টা বৃহৎ ঘাটি উচ্ছেদ ।

গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

গুৱাহাটী,১৬ মাৰ্চঃ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে । ইতিমধ্যে ৰাজ্যজুৰি আবকাৰী বিভাগে বুজন পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে । মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত আৰু আৰক্ষীৰ সহযোগত মালিগাঁৱৰ কাষৰীয়া আদিংগিৰী আৰু কালীখোলাত চুলাই মদৰ ঘাটিত অভিযান চলোৱা হয় ।

এই অভিযানত চুলাই মদ প্ৰস্তুত কৰা ১৬ টা বৃহৎ ভাটি ধ্বংস কৰা হয় । অৱশ্যে আবকাৰী বিভাগৰ অভিযানৰ উমান পাই চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰীসকল পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ঘাটিসমূহৰ পৰা চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা প্ৰায় ১৭ হাজাৰ লিটাৰ পাছ, ১৪ টা ড্ৰাম আৰু ২৯ টা বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি আৰু প্ৰায় ৬০০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ব্যাপক হাৰত অবৈধ সুৰাৰ ব্যৱসায় চলি আছে । শেহতীয়াকৈ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ব্যাপক অভিযান চলোৱা হৈছে ।

লগতে পঢ়কঃ অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.