ETV Bharat / state

২০ টা নতুন পদৰ বাবে পৰীক্ষাৰ দায়িত্ব অসম লোকসেৱা আয়োগক - responsibility of 20 new posts given to APSC

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিজাববীয়াকৈ পৰীক্ষা অনুষ্ঠিত বা নিযুক্তি দিব নোৱাৰিব ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগে । ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তৰ আধাৰত সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তিৰ বাবে গঠন কৰা হৈছে এখন বিশেষ আয়োগ ।

examination conducting responsibility of 20 new posts given to APSC
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
author img

By

Published : Feb 28, 2022, 2:41 PM IST

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: এতিয়াৰে পৰা আৰু ৰাজ্য চৰকাৰৰ কোনো বিভাগেই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিজাববীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব বা নিযুক্তি দিব নোৱাৰিব । ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তৰ আধাৰত সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন বিশেষ আয়োগ ।

examination conducting responsibility of 20 new posts given to APSC
২০ টা নতুন পদৰ বাবে পৰীক্ষাৰ দায়িত্ব লোকসেৱা আয়োগক

সেই আয়োগেহে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিয়োগ সম্পৰ্কীয় বিষয়সমূহ চোৱাচিতা কৰিব । আনহাতে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসম লোকসেৱা আয়োগে যিসমূহ পদৰ বাবে বিগত সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল, শেহতীয়াকৈ আয়োগৰ সেই পৰিসৰো বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ৰাজ্যিক কেবিনেটে ইতিমধ্যে "সংযুক্ত প্ৰতিযোগিতা পৰীক্ষা নিয়ম ২০২২"(Govt new role of cometitive exam 2022) ত অনুমোদন জনাইছে । সেই অনুসৰি পূৰ্বতে লোকসেৱা আয়োগে ১৯ টা ভিন ভিন সেৱা আৰু পদৰ বাবে সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল । সেইসমূহৰ ভিতৰত আছে এ চি এছ(ACS), এ পি এছ(APS), পৰিবহন বিষয়া, কৰ বিষয়া আদি ।

মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কেবিনেটে "সংযুক্ত প্ৰতিযোগিতা পৰীক্ষা নিয়ম ২০২২" ত অনুমোদন জনোৱাৰ পিছত শেহতীয়াকৈ আৰু ২০ টা ভিন ভিন সেৱা আৰু পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অসম লোকসেৱা আয়োগক অৰ্পণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ (responsibility of 20 new posts given to APSC ) । কৰ্মচাৰী বিভাগৰ সূত্ৰটোৱে সদৰী কৰা মতে এই ২০ টা ভিন ভিন পদৰ ভিতৰত থাকিব বিত্ত আৰু গাণনিক বিষয়া, পৰিসংখ্যা বিষয়া, গৱেষণা বিষয়া আদি ।

সম্প্ৰতি কৰ্মচাৰী বিভাগে এনে ২০ টা পদ চিনাক্ত কৰি চাকৰিৰ সেৱা বিধিসমূহ পৰীক্ষা কৰি আছে । সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই নতুনকৈ আৰু ২০ টাকৈ পদৰ নিযুক্তি বা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিব অসম লোকসেৱা আয়োগে ।

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱে অসমত থকা ঠাইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.