ETV Bharat / state

APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:28 PM IST

অসম লোকসেৱা আয়োগৰ নিযুক্তিত কেলেংকাৰী ৷ এই কেলেংকাৰীত নাম সাঙোৰ খাইছিল নন্দ বাবু সিঙৰ ৷ ইতিমধ্যে শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নন্দ বাবু সিঙক (Arrested Nanda Babu Singh) ৷

Ex Principal of APSC exam controller Nanda Babu Singh arrested
শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নন্দ বাবু সিঙক

গুৱাহাটী, ১০ ডিচেম্বৰ : APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । তথ্য অনুসৰি, শিলচৰৰ পৰা SIT য়ে গ্ৰেপ্তাৰ কৰে সিঙক । গ্ৰেপ্তাৰ কৰিয়েই নন্দ বাবু সিঙক CID ৰ কাৰ্যালয়লৈ লৈ আনা হৈছে ।

ইতিমধ্যে সকলো জ্ঞাত যে, APSC ৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দ বাবু সিং । নন্দ বাবু সিঙে একাধিক প্ৰাৰ্থীৰ নম্বৰ বঢ়াই দিছিল । APSC ৰ নথি জ্বলোৱাৰো অভিযোগ আছে সিঙৰ বিৰুদ্ধে । বক্ৰ পথেৰে চাকৰি লোৱাত নাম সাঙোৰ খোৱা কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত মিনাৰ্ভা দেৱীৰ পিতৃ হৈছে এই নন্দ বাবু সিং ।

উল্লেখযোগ্য যে, পিতৃ নন্দ বাবু সিঙে এ পি এছ চিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক পদত কার্যনিৰ্বাহ কৰাৰ সময়তে মিনার্ভা দেৱী এ চি এছ পদৰ বাবে বাছনিভুক্ত হৈছিল । এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা ন্যায়িক আয়োগে ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি তথ্যসহ আঙুলিয়াই দিয়াৰ পিচত ৰাজ্য চৰকাৰে ইয়াৰে ২৩ জনক চাকৰিৰ পৰা নিলম্বন কৰিছে ।

বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা তিনি বিষয়া ৰাকেশ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাস, ৱাহিদা বেগমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

ইফালে অহা ১১ ডিচেম্বৰ অর্থাৎ সোমবাৰে এছ আই টিয়ে আন তিনিগৰাকী ৰাজপত্ৰিত বিষয়াক জেৰাৰ বাবে চমন দিছে । সেইমৰ্মে সোমবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হ’বলগীয়া ৰাজপত্ৰিত বিষয়াকেইগৰাকী হ’ল কাছাৰ অতিৰিক্ত আয়ুক্ত মিনার্ভা দেৱী, নিলম্বিত এ চি এছ ধীৰাজ কুমাৰ জৈন, নিলম্বিত এ পি এছ দীপাংকৰ দত্ত লহকৰ ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.